আমি গান্ধাৰী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, November 30, 2023

আমি গান্ধাৰী

 


আমি গান্ধাৰী


                       ৰিজু মণি বৰা

                                 নগাঁও


বিদ্যালয় বন্ধ কৰি

খুলিছে সুৰাৰ বিপণী

ধৰ্মৰ নামত ঠায়ে ঠায়ে

চলিছে বেপাৰ আৰু ৰাজনীতি,

কিনো কম আমি

আমি যে সাধাৰণ প্ৰজা!

নাই যে আমাৰ বাক্ স্বাধীনতা

গান্ধীৰ স্বাধীন দেশতেই

আমি যে পৰাধীন।

আমি যে আছো এতিয়াওঁ

গান্ধাৰীৰ দৰে

চকু থাকিও 

চকুৰে একো নেদেখা।

ক'লেই লাগে জগৰ

নোকোৱাকৈও থাকিব নোৱাৰি সহি!

বিদেশী সুৰা খোৱা মানুহৰ 

দাম আৰু মান বাঢ়িল

জ্ঞানৰ আভা বিলোৱা মমডালৰহে 

এতিয়া মান সৰিল!!

                  

Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages