কঁহুৱা কোমল হৃদয় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, November 30, 2023

কঁহুৱা কোমল হৃদয়

 


কঁহুৱা কোমল হৃদয়


                                         ৰুম্পী দাস

                                            হোজাই


মোৰ এই কঁহুৱা কোমল হৃদয়ত 

তোমাৰ বসবাস,

মই তোমাৰ প্ৰেমত ব্যাকুল।

 মোৰ বুকুৱেদি মৌ হৈ ফুৰিছা,

হৃদয়ৰ কথাবোৰ 

কিয় বাৰু নোকোৱাকৈ আছা ...?

লাজ নকৰিবা ...

মইও লাজুকী ছোৱালী।

তোমাৰ মাজতেই শান্তিৰ ঠাই

দুচকুত দেখা পাওঁ,

তোমাক হেৰাই নোপোৱাৰ বেদনাত 

কান্দিব নিবিচাৰো।

কেৱল দুখ-সুখৰ মাজতো 

একেলগে হাঁহিম বুলি,

আলফুলীয়া মৰমে 

হেঁচা মাৰি ধৰে ।

মোৰ এই কোমল হৃদয়ৰ ভাষা

তুমি জানো বুজিবা ?

বুজিলে মোৰ কঁহুৱা কোমল হৃদয়ে 

তোমাকো তাতকৈ বেছি বুজিব ;

বহুতো ভালপোৱাৰে ...

আঁকোৱালি ল'ব।


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages