কলিছনৰ পিছৰ সমীকৰণবোৰ
মাধুৰ্য প্ৰিয়ম দাস
মাজুলী
১
নিশাৰ গালেৰে বৈ অহা সূৰ্যৰ চকুলোক
চুমা খাই পিৰামিদ এটাই এইবুলি ক'লে
তোমাৰ ভালপোৱাৰ চহৰত অসংখ্য তেজফুল ফুলক
আৰু মই এটা haemophiliac ছাঁ হৈ তোমাক সাৱটি ল'ম।
২
জয়া...
অকলশৰীয়া নৈখনেৰে এদিন ভটিয়াই যাম
পানী কাউৰীৰ লগত পাতিম-
"forgetting is to long"; 'কিছুদিনৰ পাছত জী উঠিম চাবা’
আৰু ভালপোৱাৰ শেষৰখন চিঠি আওৰাই চিঞৰি যাম
বেখাপ্পা... বেখাপ্পা...
৩
জয়া...
হালধীয়া ৰাতি এটাত মই মৰি যাম দিয়া।
স্বপ্নভঙ্গতাৰ জোনাকী বোৰে মোক জগাব নোৱাৰে
ঋতুবিশেষ পৰিভ্ৰমী চৰাই এটাৰ দৰে তুমি
উভতিবও নালাগে।
আমি...
এই যে প্ৰেমত বিফল হোৱা মানুহবোৰৰ কাহানিও জোনক চোৱাৰ সাহস নাথাকে।
'all you need is love'
বাটবোৰ হেৰুৱাই নিদিবা।
৪
কবি হোৱাৰ বাবেই আমাৰ হৃদয়বোৰ শেলুৱৈ ধৰা
আমাৰ বাবে ৰৈ যোৱা বোৰ জীৱন
গৈ থকা বোৰ স্মৃতি
আৰু
যি মৰি যায় তেওঁ শিৱ
যি জীয়াই থাকে তেওঁ মানুহ।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩


No comments:
Post a Comment