সময়ে এদিন
অৰূপ কুমাৰ দাস
সময়ে এদিন মোৰ হাতত
বালি এমুঠি দি ক'লে
ধৰি ৰাখা
যিমান চেষ্টাৰে
শিশু এটাই জোৰে
জীৱনৰ প্ৰথম খোজ
সিমান চেষ্টাৰে
মুঠি মাৰি ধৰি থাকিলো
আৰু এদিন সময়ে
মুঠি খুলিব দি সুধিলে
কি দেখিলা
মই ক'লো—
যিমান সহজ বুলি ভাবিছিলো
সিমান সহজ নাছিল
সময়ে সিখন হাত খামুচি ধৰিলে
বন্ধুৱে যিদৰে ধৰে বন্ধুৰ হাত
সেই দৰে
আৰু ক'লে
যি সৰকিল
সেইখিনি মিছা
যি থাকিল
সেইখিনিহে সঁচা
সঁচা মিছাৰ ভাবনাত
মগ্ন হৈ থাকোতে
ছায়াৰ দৰে সময় নোহোৱা হ'ল
কোনোবাই মোৰ কাণত ফুচফুচালে
এয়াইতো জী থকা
অনন্তলৈ বৈ থকা।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment