মিচিং ধৰ্ম আৰু শৱ সৎকাৰ
জাতিৰাম কমান
মিচিং সকলে পালন কৰা ধৰ্মক লৈ বহুবাৰ আলোচনা হৈ গল।আৱহমান কালৰে পৰা চলি অহা প্ৰকৃতি পূজাৰ লগতে পাহাৰৰ পৰা ভৈয়ামলৈ নামি অহা কালত ভৈয়ামৰ সমাজ সংস্কৃতিৰ লগত সংমিশ্ৰণ হৈ মধ্যযুগত শাক্ত ধৰ্মৰ প্ৰভাৱত পৰি প্ৰকৃতি পূজাৰ লগতে শাক্ত ধৰ্ম পালন কৰিবলৈ লয়। তাৰ পৰৱৰ্তী কালত উত্তৰ ভাৰতীয় ব্ৰাহ্মণ্যবাদী সনাতন ধৰ্মৰ সংস্পৰ্শলৈ আহি হিন্দু দেৱ দেৱীকো পূজা অৰ্চনা কৰিবলৈ আৰম্ভ কৰে। তাৰ আৰু পাছত শংকৰ দেৱৰ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱত পৰি সত্ৰাধিকাৰ প্ৰভুত শৰণ লৈ কাল সংহতি(কেৱলীয়া) নামে এটা পকা নামঘৰীয়া ধৰ্ম পালন কৰি আহিছে মিচিং সকলে। নামঘৰীয়াৰ পৰাও বিভক্ত হৈ ভাগৱতীয়া সংঘৰীয়া আদি ধৰ্ম পন্থাত ভাগ ভাগ হৈছে।অতীজৰে পৰা আমাৰ পূৰ্বজসকলে পালি অহা নিজা ধৰ্ম,পৰম্পৰা সংস্কৃতি এৰিব নোৱাৰি কিছু চামে আমাৰ পূৰ্বজৰ আৰাধ্য উপাস্য দেৱতা দ:ঞি(সূৰ্য) প:ল(চন্দ্ৰ)ক পূজা অৰ্চনা কৰিবলৈ দ:ঞি প:ল য়েলামলৈ উভতনি যাত্ৰা কৰিছে। ইয়াৰোপৰি খ্ৰীষ্টধৰ্মতো লিপ্ত হৈছে এচাম মিচিঙলোক। বৌদ্ধধৰ্মতো দীক্ষিত হবলৈ লৈছে কিছুসংখ্যকে। চমুকৈ এয়াই মিচিং ধৰ্মীয় পৰম্পৰাৰ ইতিহাস।
আমাৰ মূল আলোচনা ধৰ্ম নহয় যদিও ধৰ্মৰ লগত সংগতি ৰাখি শৱ সৎকাৰ কৰাক লৈহে আলোচনাৰ উদ্দেশ্য। শৱ সৎকাৰ অথবা অন্ত্যেষ্টিক্ৰিয়াক লৈ বিশ্বৰ বিভিন্ন প্ৰান্তত ভিন ভিন ধৰণে সৎকাৰ কৰাৰ প্ৰথা দেখা যায়। আফ্ৰিকা মহাদেশৰ কিছুমান আদিমবাসীয়ে ঘৰ পৰিয়ালৰ মানুহ মৃত্যু হলে দেহত বন দৰবৰ লেপন দি দূৰৈৰ পাহাৰৰ টিলাত,গুহাৰ দৰে এখন ঠাইত মৃতদেহ বহুৱাই ৰখা প্ৰথা আছিল।প্ৰাচীন মিচৰীয় সভ্যতাৰ শৱদেহ মামী কৰি ৰখা প্ৰথাৰ কথাটো সকলোৰে জনাজাত। এতিয়াও ইজিপ্তৰ পিৰামিড বোৰত ফাৰাও সকলৰ তিনি চাৰি হাজাৰ বছৰীয়া মৃতদেহ মামী কৰি ৰখা দেখিবলৈ পোৱা যায়।
খ্ৰীষ্টধৰ্মী,ইশ্লাম আদি পশ্চিমীয়া তথা মধ্য প্ৰাচ্যৰ মানুহে মৃতদেহ কবৰস্থ কৰে।মানে মাটিত পোতে। বিশ্বৰ চুকে কোণে কিছু কিছুৱে আকৌ নৈ বা সাগৰতো মৃতদেহ উটুৱাই দিয়ে।মহামাৰী অথবা প্ৰাকৃতিক দুৰ্যোগত অৱশ্যে অগনন লোকৰ জল সমাধি হোৱা দেখা যায়। হিন্দু,বৌদ্ধ,শিখ তথা জৈন আদি বহু ধৰ্মৰ লোকে আকৌ শৱদেহ দাহ কৰে। অৰ্থাৎ মৃত শৰীৰ জ্বলাই দিয়ে।
পাৰ্ছীসকলে আকৌ শৱদেহ ঘৰৰ ছাঁদৰ ওপৰত ৰাখে, যাক 'দখমা' বুলি কয়; সেই দখমাতে মৃতদেহ মুকলি আকাশৰ তলত ৰাখি থৈ দিয়ে। শৱ গেলি পচি গলে শগুণে খাই পেলায় মৃত শৰীৰ। মানুহৰ শৰীৰ পঞ্চভূতেৰে নিৰ্মিত।ক্ষিতি,অপ,তেজ,মৰূৎ আৰু ব্যোম। ইয়াত ক্ষিতি হল পৃথিৱী বা ভূমি অৰ্থাৎ মাটি। অপ হল জল বা পানী, তেজ হল অগ্নি বা জুই, মৰূৎ হল বায়ু বা বতাহ আৰু ব্যোম হল আকাশ বা ইথাৰ।মৃত্যুৰ পাছত মানুহ সেই পঞ্চভূততে মিলি যায় বুলি কয়। মাটিৰ পৰা নিৰ্মিত পদাৰ্থ মাটিৰ লগত, জলৰ পৰা নিৰ্মিত দ্ৰৱ্য পানীৰ লগত, অগ্নিৰে নিৰ্মিত অগ্মিৰ লগত,বায়ুৰে নিৰ্মিত বায়ুৰ লগত আৰু অৱশিষ্ট ইথাৰৰ সতে মিলিত হৈ যায়। মানৱ শৰীৰ পঞ্চভূতেৰে নিৰ্মিত হোৱা বাবে মানৱ শৰীৰৰ অন্যেষ্টিক্ৰিয়াও সেই সেই পদ্ধতিৰে কৰা হয়; যেনে- দাহ সৎকাৰ কৰি জ্বলাই দিয়া হয়, ভূগৰ্ভস্থ কৰি কবৰস্থ কৰা হয়, জলত ভঁহাই দি জল সমাধি বা সলিল সমাধি কৰা হয়, মুকলি আকাশৰ তলে পেলাই ৰাখি দেহ সংস্কাৰ কৰা হয়।
ওপৰত উল্লেখ কৰা সকলো পদ্ধতিৰেই বিজ্ঞানসন্মত ভাৱে মৃতদেহ সংস্কাৰ কৰিব পৰা হয় ইয়াত ধৰ্মৰ কথা নাহে আৰু কোনো ধাৰ্মিক বাধ্যবাধকতা আছে বুলি আমি নাভাৱোঁ। কথাটো সেইকাৰণেই উল্লেখ কৰা হল যে মৃতদেহ সৎকাৰক লৈ আজিৰ আধুনিক সমাজতো ধৰ্মান্ধতাৰ এলান্ধুৱে আৱৰি ৰখা পৰিলক্ষিত হৈছে আমাৰ সমাজত।
আদি কালৰে পৰা আমাৰ তানি গোষ্ঠীটো শৱ মাটিত পুতি সৎকাৰ কৰি আহিছে এয়া দোহৰাৰ প্ৰয়োজন নাই।অসমৰ্থিত সূত্ৰৰ পৰা জনা যায় যে পূৰ্বতে আমাৰ মিছিং সকলেও ভৈয়ামৰ ৰীতি নীতি মানি মৃতদেহ দাহ কৰিছিল হেনো!এবাৰ তেনেদৰে দাহ কাৰ্য্য কৰি থাকোঁতে জুইৰ তাপত মৃত শৰীৰৰ ৰাজহাড় বেঁকা হৈ বহি পৰা দেখি,মৰা মানুহ আকৌ জী উঠিল বুলি ভয়তে পলাই পত্ৰং দিলে হেনো!সেই তেতিয়াৰ পৰা মৃতদেহ দাহ নকৰি আকৌ মাটিত পুতিবলৈ লয় বুলি কোৱা মেলা কৰে কিন্তু কিমান বিশ্বাসযোগ্য এয়া কব নোৱাৰি। যিকিনহওক, মৃতদেহ সৎকাৰ কৰাতো আজিৰ তাৰিখত এটা সমস্যা ৰূপে আমাৰ সমাজত দেখা দি আহিছে। কিয় আহিছে ইয়াক লৈ এটা বিস্তৃত আলোচনা কৰা যাওঁক।
আগতে আমাৰ গাওঁসমূহত আছুতীয়াকৈ মৰিশালি আছিল।আমি জনা মতে প্ৰত্যেক গাঁৱতেই গাৱঁৰ এচুকত মৰিশালি থকা দেখা গৈছিল।আমাৰ গাওঁখন বেচ ডাঙৰ আছিল বাবে চাৰি পাঁচ বিঘা মাটিৰ কালিৰে ঘেৰা এডোখৰ মৰিশালি আছিল গাঁৱৰ এচুকত। গাঁৱৰ সকলো মৃত লোকক তাতেই সৎকাৰ কৰা হৈছিল। কিন্তু পৰৱৰ্তী কালত গঢ়া খহনীয়া আদিৰ কবলত পৰি গাঁৱৰ খেতি ভেটি মাটি উচন হোৱাত ন'কৈ পতা পাম সমূহত মাটিৰ নাটনি হোৱাত সেই আগৰ পৰিপাটিকৈ পতা গাওঁবোৰ নোহোৱা হল।আজিকালি গাঁৱে ভূঞে আছুতীয়াকৈ ৰখা মৰিশালিয়েই দেখা পোৱা নাযায়। কিছুমানে ঘৰৰ কেম্পাচত, কিছুৱে বাৰীৰ চুকত, কিছুমানে মথাউৰিৰ দাঁতিত, খেনোৱে আকৌ ৰাস্তাৰ কিনাৰত, মুঠতে যতে ততে মৰিশালিবোৰ ৰাখিবলৈ লৈছে যিটো একেবাৰে বিশৃংখল, দৃষ্টিকটু আৰু অবিজ্ঞানসন্মত কাৰবাৰ। তেনেদৰে কৰাতো ব্যক্তিগতভাৱে আমি পছন্দ নকৰোঁ যদিও আমি নিজেই তেনে কামবোৰেই কৰি আহিছোঁ। ভূমিৰ অভাৱত, উপাই নাপাই বহুতে তেনেদৰেই নিজৰ পিতৃ মাতৃ, আত্মীয় স্বজনক ঘৰৰ চোতালত, বাৰীৰ চুকত কবৰস্থ কৰি আহিছে।ঘৰৰ আপোন হলেও মৰাৰ পাছত ঘৰৰ চোতালে চোতালে মৃতদেহ পুতি ৰখাতো কিমান যুক্তিসংগত বা বিজ্ঞানসন্মত এয়া আমি বুজি নাপাওঁ কিন্তু বিতৰ্ক এৰাই চলি ইয়াৰ লগত সংগতি থকা কিছু কথা কবলৈ ওলাইছোঁ, যিটো একেবাৰে প্ৰয়োজনীয়।
চাকৰি সংক্ৰান্তত অসমৰ বহু কেইখন জিলাত আমি কাম কৰি আহিছোঁ। কিছুমান মাইনৰিটি গাঁৱত ফিল্ড ভিজিট কৰিবলৈ বহুকেইখন গাওঁ ঘূৰিব লগা হৈছিল। গাওঁসমূহ ভিজিট কৰি থাকোঁতে ঘৰে বাৰীয়ে, চোতালে পথাৰে,ৰাস্তাই ঘাটে যতে ততে কবৰস্থান। মুঠতে এটা বিশ্ৰী পৰিৱেশ। পাছলৈ গাওঁসমূহত যাবলৈ মন নোযোৱা হল।কিছুমানৰ ঘৰততো পদূলিৰ আগতে কেঁচাকৈ ৰখা কবৰখানা। সেইখন ঘৰতনো চাহ চৰ্বত কেনেকৈ খাওঁনো?সেই সন্দৰ্ভত কলেজৰ প্ৰবক্তা বন্ধু এজনৰ লগত আমি আলোচনা কৰিছিলোঁ। সেই বিষয়ে তেওঁ যুক্তি সহকাৰে বৰ সুন্দৰকৈ বুজাই দিছিল আমাক - কিয় ঘৰৰ চোতালে বাৰীয়ে শ্মশান থাকিব নালাগে বুলি। মৃতদেহ ঘৰৰ বাউণ্ডেৰীত পোতা মানে ঘৰে শ্মশানে একেই থকাৰদৰে দিয়কচোন? অধ্যাপক বন্ধু গৰাকী সেই কাৰ্য্যৰ ঘোৰ বিৰোধী। তেওঁৰ মতে ঘৰৰ বাউণ্ডেৰীত শ্মশান ৰখা একেবাৰেই বিজ্ঞানসন্মত নহয়,স্বাস্থ্যসন্মত নহয়,লাগিলে পকীৰে নিৰ্মান কৰা শ্মশানেই নহওক কিয়।
আমাৰ গাওঁসমূহত শ্মশানবোৰ এবছৰতেই নিচিহ্ন হৈ যায়।মৰিশালি মাটিৰ লগত সমান হৈ আকৌ স্বাভাৱিক ভূখণ্ডলৈ ৰূপান্তৰিত হৈ পৰে কাৰণ, গাৱঁৰ শ্মশানবোৰ পকীৰে নিৰ্মিত নহয়। কিন্তু আমাৰ মফচলীয়া সৰু নগৰ চহৰ বোৰৰ ঘৰৰ চোতালে বাৰীয়ে পকীৰে নিৰ্মিত মৰিশালি দেখা যায়। পকীৰে নিৰ্মান কৰা শ্মশানটোৰ মাটি ডোখৰ আজীৱন ব্লক হৈ যায়। আমাৰ বোধেৰে স্মৃটিৰ নামত তেনে পকীৰে নিৰ্মান কৰা শ্মশান নথকাই ভাল। কিমানে বাৰু সেই শ্মশানৰ ফলকবোৰ লক্ষ্য কৰেনো? নিশ্চয় নকৰে।
আমাৰ ককা আজোককাহঁতক কেতিয়া কত কোন জেগাত দফন কৰা হৈছিল এয়া নাজানো। কিন্তু তেওঁবিলাকক এতিয়াও আমি শ্ৰদ্ধাৰে সোঁৱৰো, যদিও তেওঁ বিলাকৰ শ্মশান এটাও নাই। সুভাষ চন্দ্ৰ বসুৰ শ্মশান নাই বুলি সুভাস বসুৰ প্ৰতি শ্ৰদ্ধা কমি গৈছে নেকি ভাৰতীয়ৰ মনত? মহাত্মা গান্ধীক জ্বলাই মেলি দিয়া হল। তেওঁৰ নশ্বৰদেহ পুৰি মেলি ছাই হৈ নাম নিচান নোহোৱা হল!মাথোঁ ছাই অকন বান্ধি ৰাজঘাটত স্মৃতিৰ বাবে ৰখা হৈছে। গান্ধীক আমি দেখা নাই, তেওঁৰ শৰীৰ বতাহৰ লগত মিলি গল! সেই বুলি আমি গান্ধীক পোৱা নাই নেকি? গান্ধীজীৰ সজীৱ চিত্ৰ সদায়েই আমাৰ মানস পটত জিলিকি থাকে।ৰাজঘাট শ্মশানৰ বাবে নহয়।
মিচিং সকলৰ বাদে অসমৰ বাকী জনজাতীয় লোকসকলে হয়তু শৱদেহ দাহ কৰে। মিচিং সকলৰ মাজত দেখা দিয়া এটা ডাঙৰ সমস্যা হল শৱদেহ দফন কৰা কাৰ্য্য। অসমৰ কিছু কিছু জিলাৰ সদৰ ঠাইত হয়তু অন্ততঃ এডোখৰ মাটি আছে শ্মশান ভূমিৰ বাবে। হয়তু বহু জিলাত নাই। আমাৰ বোধেৰে শ্মশান ভূমিসমূহ বৰ ধুনীয়াকৈ চাফ চিকুন কৰি নিৰ্দিষ্ট জেগাৰ মূৰে মূৰে শাৰী শাৰীকৈ সৎকাৰ কৰিব পৰাৰ ব্যৱস্থা কৰিব লাগে। কোনো পধ্যেই পকীৰে মৰিশালি নিৰ্মান কৰিবলৈ দিব নালাগে। অগত্যা নিচেই সৰুকৈ পকীৰ ফলক এটা অৱশ্যে দিব পাৰি।
আমি জনাত শৱ সৎকাৰক লৈ আমাৰ মিচিং সকলৰ বহুতে বিমোৰত পৰিব লগা হয়। কাৰণ আজিকালি বহুতে সংঘৰীয়া, ভাগৱতীয়া আদি ধৰ্ম লৈছে আৰু শৱ পুতিব লাগেনে জ্বলাব লাগে ইয়াক লৈ পৰিয়াল পৰিজনৰ মাজত টনা আজোৰা হয় মৃতদেহক লৈ। আমি জনাত তেনে দুগৰাকী স্বনামধন্য মিচিং মানুহৰ মৃত্যু কালত সৎকাৰক লৈ খেলিমেলিৰ সৃষ্টি হৈছিল। অৱশ্যে দুগৰাকীকেই দাহ সংস্কাৰ কৰা হল।
অন্ত্যেষ্টিক্ৰিয়াৰ বাবে আটাইতকৈ বিজ্ঞানসন্মত ব্যৱস্থাটো দাহ কৰা কাৰ্য্যটো। শৱ দাহ কৰাৰ পাছত ৰোগ-শোক, জৰা, মাৰি-মৰক, অপায়-অমঙ্গল সকলো দাহ কাৰ্য্যৰ লগত বিলীন হৈ যায় বুলি কয়। ৰোগৰ বীজাণুবোৰো অগ্নিত পুৰি নিঃশেষ হৈ যায় কাৰণে আটাইতকৈ স্বাস্থ্যসন্মতও বুলিছে। লগতে মাটিও আবদ্ধ কৰি নাৰাখে। ভূত প্ৰেত, প্ৰেতাত্মা আদিৰো সৃষ্টি হোৱাৰ অৱকাশ নাথাকে বুলি লোকবিশ্বাস!
আপুনি কেতিয়াবা সনাতনী ভূতৰ কথা শুনিছেনে?হিন্দু প্ৰেতাত্মাৰ কথা শুনিছেনে?নাই শুনা। কিন্তু গৰিয়া ভূতৰ কথা শুনিছে নিশ্চয়! কাৰণ ভূত প্ৰেতবোৰ মৰা মানুহ পোতাৰ পৰাহে আৱিৰ্ভাব হয় হেনো! অমাৱশ্যাৰ ৰাতি মাজ নিশা শনি বা মঙলবাৰে নতুনকৈ মৰা মানুহ (আত্মঘাটি হলে আৰু ভাল)ৰ কবৰৰ ওপৰত কুকুৰা কণী তিনিটা লৈ বহি ধ্যান কৰিলে হেনো আত্মা কণীৰ ভিতৰত সোমাই চৰাই বা মেকুৰী আদি যিকোনো জীৱৰ ৰূপ লৈ জনম লয় হেনো! তাকেই তান্ত্ৰিক সকলে লৈ ফুৰে। কিছু প্ৰেতাত্মা কণীৰ ভিতৰত থাকি পিশাচী ৰূপত থাকে হেনো! তাকেই কৰ্ণ পিশাচ বুলি কয়! সেই কৰ্ণ পিশাচকেই লৈ কিছুমানে বেজালি কৰি ফুৰে।
সাম্প্ৰতিক কালত মিচিং মানুহ সকলে অকল নৈ'ৰ পাৰৰ গাওঁ সমূহতেই সীমাবদ্ধ হৈ থকা নাই। চাকৰি বাকৰি কৰি অসমৰ বিভিন্ন চহৰ নগৰত থিতাপি লৈ নগৰবাসী হৈছেগৈ। অসমৰ সীমা পাৰ হৈ দিল্লী, মুম্বাই, বাংগালোৰ, কেৰেলা, হায়দৰাবাদ, চেন্নাই আদি মহানগৰ সমূহতো জীৱিকাৰ বাবে থাকিবলৈ লৈছে। বিদেশতো আছেগৈ বহুতো লোক। সেই সেই ঠাই সমূহৰ পৰা শৱ সৎকাৰৰ বাবে দূৰণিৰ গাঁৱলৈ অনাতো সকলোৰে পক্ষে নিশ্চয় সম্ভৱপৰ নহয়।
গুৱাহাটী মহানগৰত মিচিং সকলৰ বাবে সোনাইগুলিত শ্মশান এডোখৰ আছে। কিন্তু মাটিৰ বাবে মহঙা দিল্লী, মুম্বাই, বাংগালোৰত মাটি এডোখৰ কত পাবনো? নাপায়। ভাৰতবৰ্ষৰ দৰে হিন্দু প্ৰধান দেশত দাহ কৰিবলৈ শ্মশান যতে ততে পাব; আনকি যন্ত্ৰচালিত ক্ৰিমেটৰী (crematory)ও পাব যত ছেকেণ্ডৰ ভিতৰতে মৃতদেহ পুৰি ছাইলৈ পৰিৱৰ্তন হয়। আমাৰ চলি অহা পাৰম্পৰিক অন্ত্যেষ্টিক্ৰিয়াৰ ৰীতি নীতিবোৰ যুগৰ লগত খাপ খুৱাই কিছু সংশোধন/সংস্কাৰ কৰিবৰ হল। প্ৰথা, পৰম্পৰা, ৰীতি নীতিক অন্ধভাৱে ধৰি ৰখাতোক আলান্ধুকলীয়া ৰীতি বুলি কয়। অন্যহাতে যুগৰ লগত সংগতি ৰাখি সংস্কাৰ সাধন কৰা ৰীতি হল সুসংস্কৃত ৰীতি। আমি সেই দিশটো বৰ গুৰুত্ব সহকাৰে লৈ ৰীতি নীতি সমূহ ন ৰূপত বান্ধি ৰখাতো সমীচিত আৰু এয়া যুগধৰ্ম।
আমি আগতেই উনুকিয়াই আহিছো যে মানুহৰ শৰীৰ পঞ্চ ভূতেৰে গঠিত। কাজেই সেই পঞ্চ ভূততেই বিলীন হব যেতিয়া অন্ত্যেষ্টিক্ৰিয়াৰ ৰীতিক লৈ অন্ধভাৱে খামুচি ধৰি থকাৰ যুক্তি নাই। মৃতকৰ ইচ্ছা অথবা পৰিয়ালৰ ইচ্ছা তথা সুবিধানুযায়ী যিকোনো প্ৰথাৰেই সংস্কাৰ সাধন কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব পাৰি।
ভূগৰ্ভস্থ কৰাৰ দৰে দাহ কাৰ্য্যৰেও অন্ত্যেষ্টিক্ৰিয়া সমাপন কৰিব পাৰি। স্থান কাল ভেদে এয়াও এক সময়োপযোগী সিদ্ধান্ত হোৱাতো দৰ্কাৰ। আজিৰ তাৰিখত এয়াই সময়ৰ আকুল আহ্বান।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment