নষ্টালজিয়া
স্নিগ্ধা বৰুৱা
গোলাঘাট
সমন্বয়ৰ প্ৰতিকীৰূপে
কৃষ্টি-সস্কৃতিৰো ৰন্ধ্ৰে ৰন্ধ্ৰে
প্ৰতিজোপা বিৰিখৰো যেন
জাতীয়সত্বা প্ৰাণ পাই উঠে
ফাগুণৰ পচোৱাৰ ঢৌত মৰহি উঠা
সেউজীয়াখিনি চুই আজি
কুলিচৰাই জনীয়েও যেন
কুউ-কুউ-কুউ বুলি
হেপাঁহৰ কিৰিলি জুৰে
নুজুৰিবনো কিয়
নতুনত্বৰ অনুভুতি চোন
সকলোৰে অন্তৰত ব'লে
ঘৰমুৱা পক্ষী হৈ অতীতক চাওঁ
সোণোৱালী গাওঁখন চোন একেই আছে
আছে ঢোলৰ গুম্গুম্নি
আৰু আছে ঢেংকুলুচ্ ঢেংকুলুচ্
ঢেঁকীৰ মাজতে উফৰি অহা
শাহু-বোৱাৰীৰ বাৰ্তালাপখিনি
ব'হাগক আদৰাৰ যেন
বিশাল প্ৰস্তুতি
তামোল এমোকোৰা মুখত লৈ
বাহনিলৈ ঢাপলি মেলা ককাৰ
যেন বৰ ফুৰ্তি
নাতিনীয়ে হুচৰি গাব
'টকাঁ'টো মইয়ে বনাই দিম।
ৰুই থৈ যোৱা কপৌজোপাওঁ
গুলপীয়া হৈ পৰিছে
সুবাসিত তগৰ খৰিকাজাঁই
কেইজোপাও লহপহকৈ বাহিছে
সকলোবোৰ যেন আজিও একেই আছে
তথাপিও উকা পৃষ্ঠাৰ দৰে
থমকি ৰও
যেন হৃদয়ত কিবা খেপিয়াই চাও
ক্ৰমশঃ নিস্তেজতাক
আশ্ৰয় দিব নিবিচাৰো
পুনৰ প্ৰাণ পাব খোজো
কুঁহিপাতৰ দৰে
ৰিঙিয়াই মতা
দুৱাৰ বন্ধ শৈশৱত
উটি-ভাঁহি
তাৰ সৰলতাত আকৌ
বিলিন হ'ব মন যায়
জেতুকাৰ বোল সানি
ৰিহাখনি মেৰিয়াই
আকৌ এবাৰ গাব মন যায়
হুচঁৰি এ দলৌ চৰাই…
Doksiri দকচিৰি, এপ্ৰিল, ২০২৪
No comments:
Post a Comment