ফাগুনৰ এচাটি বতাহ
স্বপ্নশিখা চুতীয়া
গোগামুখ
ফাগুনৰ এচাটি বতাহে
চুই নিলে মোৰ সৰ্ব শৰীৰ
সুখৰ পানীপিয়া চৰাইটো
উজাই আহিছে বুকুলৈকে
অনামী শিহৰণ এচপৰা
বৈ আহিছে হৃদয়ৰ পৰা
ফাগুনৰ ধূসৰ আকাশটো
থোৰ মেলে মেঘালী সপোনে
তোমাক ক'ব খোজা কথাবোৰ
হয়তো প্ৰাণ পাই উঠিব ফাগুনতে
বহু দূৰত থাকিলেও তুমি
হৃদয়ত আছা প্ৰবাহিত হৈ
তোমাৰ মুখৰ এটি শব্দত
ৰোপন কৰোঁ প্ৰেমৰ বীজ
অঙ্কুৰিত হ'ব এক নতুন পুৱাৰ
সূচনা হ'ব এক নতুন দিগন্তৰ।।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৪
No comments:
Post a Comment