সীমান্তৰ সিপাৰে
বিশ্বজিৎ শইকীয়া
কাৰ্বি আংলং
বেলি এটা সৰি পৰা দেখিছোঁ
তাৰ লগে লগে সৰি পৰিছে এটা গানৰ সুৰ
মেঘৰ মোহনাত হেৰাই যাব খুজিছে এটা নৃত্যৰতা
হাতৰ মুদ্ৰা।
চকুৰে মনিব নোৱাৰালৈকে উটি গৈ থাকিল
কেইটামান ভৰিৰ খোজ,
পাগলাদিয়াৰ সোঁতত.......
শুনিছোঁ তাত হেনো অলোকৰ আবিৰ সনা আছে,
তাত কিমান আছে শীতলতা
প্ৰাণহীন শৰীৰতকৈয়ো বেছিনে?
বুজিছোঁ,
এটা নুবুজা কবিতাৰ জটিল ব্যাখ্যা
তেওঁ কৈছিল এখন জীৱনীৰ
এহেজাৰটা সংজ্ঞা,
কিমান উষ্ম হলে সেই ঘামত তিতিব পাৰে
এখন জীয়া জীৱনীৰ পৃষ্ঠা,
হয়তো, ঘন ঘন উশাহবোৰতকৈ অলপ বেছি।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৪
No comments:
Post a Comment