অন্তহীন এক প্ৰেম
পূৰ্ণিমা দুৱৰা দিহিঙীয়া
ডিব্ৰুগড় চাবুৱা
অনুগ্ৰহ কৰি মোৰ প্ৰেমত নপৰিব
কেতিয়াও ভাল পাওঁ বুলিওঁ নক’ব।
মোৰ দেহৰ মাজত কলকলাই থকা বীজ বোৰে এতিয়া জিৰণী লৈছে
সিহতক নিৰ্জনতা বৰ প্ৰয়োজন।
আপোনাৰ উগ্ৰ তেজৰ গোন্ধ সহ্য নহয় সিহঁতৰ।
কিমান বাৰ প্ৰায়চিত্ৰ কৰি জীয়াই আছো
স্বস্তি নামহিন এক যন্ত্ৰনা লৈ
সেই যন্ত্ৰনা মোৰ শোৱনি কোঠাৰ
প্ৰতিটো বস্তু নিৰাপত্তাৰ মাজত।
মোৰ অস্তিত্ব বোৰ ইতিমধ্যে মৃত্যু হৈছে।
জন্ম হৈছে চপৰা চপৰে আন্ধাৰ বোৰ।
সেইবাবে কৈছো মোৰ প্ৰেমত নপৰিব।
Doksiri দকচিৰি, মে, ২০২৪
No comments:
Post a Comment