হাত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, April 30, 2024

হাত

 


হাত


          হিমাংশু শইকীয়া


ভোকটো মৰিছিল কেৱল আইৰ হাতত

সপোন এটা ফুলি উঠিছিল পিতাইৰ হাতত।


কেতিয়াবা হাতবোৰ শুই পৰে

হাতে কামৰ কথা পাহৰে।


কল্পনাবোৰ এখন এখন হাত আছে

সেই হাতবোৰে প্ৰতিবাদ কৰে স্বাধীনতাৰ বাবে।


মই আহ বুলি লিখিলে

মোৰ হাত দুখনে আহি কাষতে বহে।

মই শু বুলি লিখিলে

মোৰ হাত দুখনে টোপনিত লালকাল দিয়ে।


ষ্টিফেন হকিংৰ হাতখন তেওঁৰ গালত আছিল 

যি কৃষ্ণগহ্বৰ গভীৰতাক ঢুকি পাইছিল।

আইনৰ হাত হেনো দীঘল

এজন অপৰাধিক ধৰিব নোৱাৰাকৈ।

টেবুলৰ তলৰ পৰা দিয়া হাত এখনে

বান্ধি ৰাখিব পাৰে আইনৰ হাতখনক।


মই হেৰাই যাব খুজিলে মোৰ হাতখনে 

মোক ধৰি ৰাখে।

তোমাৰ হাতৰ আঙুলিৰ ঢৌবোৰত

মোৰ হাত খন হৈ পৰে নৱিক।

তোমাৰ হৃদয়ে দি শিপাই আহে এখন হাত

মোৰ হৃদয়লৈ।


কবিতাবোৰ হাতখনে মাতি আনে মোৰ কাষলে

শব্দবোৰে মোৰ হাতত ঘৰ সাজে।

হাতবোৰৰো এখন এখন হাত আছে

নিজক চুব পৰাকৈ,লিখিব পৰাকৈ

নিজকে নিজে ধৰিব পৰাকৈ।।


Doksiri দকচিৰি, মে, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages