কপৌফুল
ৰাজশ্ৰী সেনাপতি গগৈ
ডিব্ৰুগড়
অ, কপৌ
তোৰ বিস্ময়তা দেখি
মই হৈ পৰো ব্যাকুল।
ব'হাগ আহিলে
কুলি, কেতেকী চৰাইয়ে
আনে বসন্তৰ আগমনী।
গছৰ ডালত তই কপৌয়ে
যি দৰে ফুলি থাকি
বতাহত হালি জালি,
এনে লাগে যেন
তই ৰৈ থাক বাট চাই
কেতিয়ানো ঢোলীয়া ককায়ে
বসন্তৰ বা লাগি, নাচনীৰ খোপাত
সজাই দিয়ে কপৌফুল পাহি।
সঁচাকৈয়ে, তই নাচনীৰ খোপাত
হৈ উঠ বৰ বিনন্দীয়া।
জেতুকাৰে দুহাত বোলাই,
কপৌ ফুল খোপাত গোজি
নাচনীয়ে বিহুতলিত মাৰে পাক,
পাহাৰ বগাই বগাই
কপৌফুল পাৰিববলৈ
কিমান যে, কৰে যত্ন ঢোলীয়াই।
মৰমৰ নাচানীক কপৌফুল নিদিলে
নাচনীয়ে পাতিলয় ঠেহ।
গোপনে , গোপনে কপৌ ফুলপাহি
খোপাত চেনাইয়ে আনি,
পিন্ধাই দিয়ে মৰমৰ ৰহন লগায়।
Doksiri দকচিৰি, মে, ২০২৪
No comments:
Post a Comment