আক্ষেপ
সোণেশ্বৰ ডেকা
ৰঙিয়া
কিয় বাৰু স্ৰজিলা মোক
শেষ নহয় অন্তৰৰ শোক,
মনত বোৱালা কিয় নিজৰা আশাৰ
অ পূৰণ ভাব সেয়া প্ৰাণৰ ভাষাৰ।
সময় উলিয়াব নোৱাৰিলোঁ মই
তোমাৰ চৰণ চিন্তিবলৈ
হায় হায় জীৱনৰ অপৰাহ্ন বেলা
হাহাকাৰ কৰোঁ।
আজি মোৰ আপেক্ষাত কোন?
মোৰ ঠিকনা কি ?
মোৰ খৱৰ ল'ব কোনে
দিম কাক
কাৰ কথা ভাবোঁ সকলো ধুসৰ।
আজি কাৰোঁ সময় নাই
আজি কাৰোঁ ভ্ৰক্ষেপ নাই
শত্ৰু মোৰ বিকৃত মানসিকতা
হেৰুৱালো প্ৰেম প্ৰীতি নিষ্ঠা সততা।
শোকত আকুল মোৰ হিয়া জীৱনত শান্তি মৰীচিকা
মিছা আশা মিছা মোৰ এই জীৱন
থাকিম কেইদিন আৰু হ'বই
মৰণ।
Doksiri দকচিৰি, জুন, ২০২৪
No comments:
Post a Comment