ল’ৰালিৰ পম খেদি
ৰুবি বুঢ়াগোহাঁই
গোলাঘাট
ল’ৰালিৰ বাটেদি গ’লে
দেখিম মোৰ শৈশৱ,
শৈশৱতে সোণোৱালী
ৰচিছিলো সপোন
চিন্তাহীন, ভাৱনাহীন
মধুৰ সপোন ------!
উৰিছিলো আকাশত
নীলা পখী হৈ
সাঁতোৰঙৰ ৰামধেনুৰে
সাজিছিলো ঘৰ
কাপোৰৰ দৰা-কইনা ৰাখিছিলো তাত।
বনভোজ খাইছিলো পথাৰৰ মাজত
সমনীয়াৰে খেলিছিলো হেঁপাহ পলুৱাই।
নাই আৰু সেই দিন
মধুৰ সপোন --------!
এতিয়া মাথোঁ প্ৰতিযোগিতা
জীৱন দৌৰত
ভাগৰি পৰিলেও যেন
থমকি নৰয়
কণ -কণ মইনাহঁতৰ
জীৱনৰ দৌৰ
দৌৰি - দৌৰি ধৰিবগৈ লাগে
লক্ষ্যপথৰ ৰথ,
ৰথ নাপালে মইনাহঁত যে
আধাতে হ’ব বিফল।।
Doksiri দকচিৰি, জুন, ২০২৪
No comments:
Post a Comment