তোমাৰ পদূলিৰ বকুলৰ তলত
প্ৰৱীণ ৰাজবংশী
জাজৰি, মৰিগাঁও
সোঁৱৰণি পৃষ্ঠাৰ হেঁপাহ
তোমাৰ পদূলিৰ বকুলৰ তলত
এতিয়াও আছেনে বকুল জোপা
তগৰফুলীয়া এসাগৰ নিভাঁজ হাঁহি
চম্পা নাহৰৰ সুগন্ধি মাদকতা।
বকুল জোপা আগতকৈ
ডাঙৰ হ’ল চায় থাকোতেই
মনবোৰ সলনি হ’ল
নজনাকৈ নুবুজাকৈ
সময় জানো আছে ৰৈ
তোমাৰ পদুলিৰ বকুলৰ তলত।
সেই আবেলিটো
তোমাৰ পদুলিৰ মুখৰ
বকুলৰ তলত বুকুল বুটলাৰ পৰত
ফেকুঁৰি ফেকুঁৰি গাল ৰঙা পৰি
চকুলো বৈ আহাৰ পৰত
সোঁৱৰণি পৃষ্ঠাত আছে সজীৱ হৈ
তোমাৰ পদূলিৰ বকুলৰ তলত।
সময়ৰ লগত যুদ্ধ
তাতে আকৌ আৱেগিক মনটো
সেমেকি উঠিছিল শব্দবোৰ
লিহিৰি আঙুলি ফাঁকেৰে
সৰকি গৈছিল সপোন যেন লগা
এসাগৰ ভাল লগা ভাল পোৱা সময়
তোমাৰ পদুলিৰ বকুলৰ তলত।
Doksiri দকচিৰি, জুন, ২০২৪
No comments:
Post a Comment