প্ৰাচীৰ
যতীন মিলি
সপোন এটাৰ পিছত বগুৱা-বাই গৈ থাকোঁতে
যেতিয়া কণা বিধিয়ে বাধা দিয়ে
বাৰম্বাৰ
তেতিয়া ভাবিবলৈ বাধ্য হওঁ
সেই বাটত শণি আছে
আছে পূৰ্ব-পুৰুষৰ দোষ
যিবোৰ দোষত আমাৰ হাত নাথাকে
সেইবোৰ দোষ মৰিষণ কৰিব পাৰে
কেৱল নেদেখাজনে
সৰুতে আইয়ে কোৱা শুনিছিলোঁ-
মনিচে হিংসা কৰিলে
সাজিব পাৰে বৰঘৰ
নেদেখাজনে হিংসা কৰিলে
অথাই সাগৰত পৰে জীৱনভৰ
দোষ এটা কৰি
সহজ স্বীকাৰোক্তি সৰহভাগেই নকৰে
দোষ যেন তেওঁলোকৰ বন্য মোহ
দোষ কৰি কৰি
হাত ভৰি চকু সকলো
এদিন অচল হ’ব
ৰাজহুৱা শাওপাতত
অথচ-
ক’লা ক’লা ধোঁৱাৰে ছানি ধৰা মলিবোৰ গুচাবলৈ
দোষীয়ে খুলি নিদিয়ে কাহানিও
হৃদয়ৰ দুৱাৰখন
সেই অক্ষমনীয় দোষবোৰেই
প্ৰাচীৰ হৈ থিয় দিয়ে ছাগৈ
উত্তৰপুৰুষৰ জিলমিল জিলমিলীয়া বাটত...!!
Doksiri দকচিৰি, জুলাই, ২০২৪
.jpg)

No comments:
Post a Comment