কথোপকথন
মেঘালী গগৈ
কিহৰ কথা পাতো?
মেঘৰ কথা পাতো আহা
বৰষুণ দিয়া মেঘবোৰৰ কথা।
বগা মেঘে হেনো বৰষুণ নিদিয়ে !
তেন্তে কজলা মেঘৰ কথাকে শুনাওঁ।
কজলা মেঘবোৰে দেখোন মোক
সেই ক'লা ধোঁৱাবোৰৰ কথা মনত পেলাইছে
নীলা আকাশখন কুৎসিত কৰি পেলোৱা সেই
কাজলক'লা ধোঁৱাবোৰৰ কথা !
কজলা মেঘৰ কথা পাহৰি যাওঁ আহা
সেউজীয়া পাহাৰবোৰৰ কথা পাতো।
পাহাৰটোৰ এটা নিৰলা ভাঁজত
আমি যে এটা জুপুৰী সজাৰ কথা আছিল
চকু মোহাৰি এঙামুৰি দি প্ৰতিটো পুৱাতে
বেলিটোক সম্ভাষণ জনোৱাৰ কথা আছিল
শিখৰলৈ বগাই গৈ আকাশক জনোৱাৰ কথা আছিল
চুবলৈ মন যোৱাৰ কথা ।
সেউজীয়া ভাঁজবোৰ অদৃশ্য হৈ যোৱাৰ কথা,
শিখৰবোৰক কোনো বাচ-বিচাৰ নকৰাকৈ
হুৰমূৰকৈ খহাই পেলোৱাৰ কথা শুনা নাছিলা?
আস্! পাহাৰবোৰৰ কথা থাকক
নৈবোৰৰ কথা পাতো আহা।
লাহ দিয়া বেলিয়ে নৈৰ বুকুত অঁকা জলছবিৰে
আমাৰ কলিজাৰ কুঠৰী সজাই ৰাখিম দিয়া
কোনোবা অচিন দূৰণিত হেৰাই যাবলৈ মন গ'লে
মেটেকাৰ জাঁজিত দুয়ো উঠি দিম দিয়া।
নৈখন দুখত বলিয়া হৈ উঠাৰ খবৰ
এতিয়াও তোমাৰ কাণত পৰা নাই?
মদমত্ত হস্তীৰ দৰে খঙাল ঢৌবোৰে
আচাৰিব যেতিয়া
মেটেকাৰ জাঁজিত উটি যাবলৈ মন কৰা
বিলাসৰ বাবে নিজকে ঠাট্টা কৰিব খুজিবা !
কিহৰ কথা পাতিম তেন্তে কোৱা
কেনেকৈ প্ৰকাশ কৰিম জীৱনৰ কথা
জীৱনক ভালপোৱাৰ কথা?
ওহোঁ,কথা নাপাতো আমি
তোমাৰ হাতত মোৰ হাত থওঁ
এই নিৰ্বাক সৰৱতাৰ অমৃতকুম্ভত
আলফুলে সাঁচি ৰাখো
মেঘ,পাহাৰ আৰু নদীবোৰৰ
সোণজুলীয়া সোঁৱৰণিৰ মৌচাক।
Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:
Post a Comment