শব্দবোৰ মৌন হ’লে...
ববী দত্ত
বাৰে বাৰে শুবলৈ নকবা মোক
পঁয়া লগা সপোনবোৰ অহংকাৰী হ’ব।
মই এবাৰেই শুম
টোপনিক বৰ আলফুলে
মোৰ শূন্য বুকুত সাৱটি লম।
প্ৰজ্ঞা মোৰ লগতে শুব
মাটিৰ পৃথিৱীৰে দেহা মিঠা হ’ব
শব্দবোৰ মৌন হ’লে
কাৰ দুচকুত বিষাদ ভৰিব।
Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:
Post a Comment