দেউতা
বলিন বৰদলৈ
আলামি, গোলাঘাট
দেউতা এজোপা বঁটবৃক্ষ যাৰ ছাঁত নিঃসংকোচে আশ্ৰয় ল’ব পাৰি গ্ৰীষ্মৰ প্ৰখৰ উত্তাপত,
অথবা শীতৰ হাড় কঁপোৱা জাৰত বুকুৰ উম….
হাজাৰ বিপদ-বিঘিনিকো নেওচি
সাহেৰে পাৰ হ’ব পাৰি জীৱন বৈতৰণী।
কঠোৰ হাড়ভঙা পৰিশ্ৰমেৰে
পৰিয়ালৰ সকলোৰে মুখত হাঁহি বিৰিঙাই
বিহু বুলি নিজৰ বাবে কাপোৰ নিকিনি
মা-দেউতা, পত্নী-পুত্ৰ, বাইদেউ-ভগ্নীৰ বাবে
হাঁহি হাঁহি মোনা ভৰাই বজাৰ কৰি আনে।
সুতত টকা লৈ ধাৰত পোত গ’লেও
পিতৃ-মাতৃ, পত্নী, পুত্ৰৰ চিকিৎসা কৰাই ব্যক্তিগত চিকিৎসালয়ত, নিজৰ কৰে.... !
তলি উদং কৰি হ’লেও সাঁচতীয়া টকাকেইটাৰে
ভণ্টি-বাইদেউহঁতক উলিয়াই দিয়ে আনৰ ঘৰলৈ
হাঁহি হাঁহি নিজ পুত্ৰৰ সংসাৰ পাতি দিয়ে।
ক’ৰবালৈ ওলালে বজাৰ তালিকা দীঘলীয়া
বাকী দোকানীৰ কথা শুনি হ’লেও লাজ অপমান কাটি কৰি ঘৰলৈ বস্তু অনা জনেই দেউতা।
পত্নী-পুত্ৰৰ জন্মদিন বৰ আড়ম্বৰতাৰে পাতে
কিন্তু আমি সুধিছোনে কেতিয়াবা দেউতা কেনে আছে ... !
যি দুখবোৰ হাঁহিৰে ঢাকি হাঁহি থাকে
কিন্তু হাঁহিৰে দুখবোৰ ঢাকি ৰাখিব পাৰি জানো
অ’ দেউতা….।
Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:
Post a Comment