ঊদাস্য
ড° দেৱাশীষ বড়া
জানা পোহৰ মানে দিগন্ত আৰু
আন্ধাৰ -
আন্ধাৰ মানেইতো অন্ত।
হোৱা তুমি পোহৰৰ পূজাৰী নহ’বা আন্ধাৰৰ পূজাৰী।
তোমাৰ হাতত দামী মোবাইল
জানানে-
বহুতৰ ঘৰত নাই, ভাত দাইল।
সময় তোমাৰ আছেনে?
নে তুমি ঊদাস্য, অথবা এটা ৰবট।
ৰবট মানেইতো যন্ত্র মানুহেহে গাই মানৱতাৰ মন্ত্ৰ।
Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:
Post a Comment