মেঘ আৰু ৰ’দ
আগমনি ফুকন শইকীয়া
মহাৰাষ্ট্ৰ, মুম্বাই
দোপাল-পিটা বৰষুণ।
টিঙৰ পৰা ভিতৰলৈ অহা শব্দবোৰে নৈ এখন খান্দে।
ভৰবাৰিষাৰ।
খিৰিকীৰে সোমাল এজাক চেঁচা বতাহ। বসন্তৰ।
যাবৰ পৰত দুৱাৰ খিৰিকীবোৰ খুলি থৈয়ে গ'ল।
এটি অন্ধকাৰ গলি। মগজুৰ।
তাতে পোহপাল দি জীয়াই ৰাখিছিল
এটি বিশ্বাস। ডাইনী।
চখ পুৰাবলৈ ভোক কিনিব পাৰি। আনৰ।
লালসাত অন্ধ প্ৰেম। বীজানু।
Doksiri দকচিৰি, আগষ্ট, ২০২৪
No comments:
Post a Comment