তুমি প্ৰতিটো ঋতুৰ আঙুলিৰ স্বপ্নফুল
ববী দত্ত
টিয়ক
কজলা নদীৰ ভগ্ন প্ৰতিবিম্বত
দুখৰ বিয়নী মেল
মোৰ বুকুৰ পানচৈত
তোমাৰ নীলাঞ্জনা সপোনৰ ছায়া
পলাশ বনত মূকবধিৰ গতিশীল জীৱনৰ অপৰ্যাপ্ত শৈল্পিক চেতনা
জীৱনত জীৱিত শিল্পৰ অবগাহণ
সুলকি পৰে ৰৌদ্ৰৰ পোছাক।
এবুকু জীৱনৰ ভোগজৰা লৈ নামি আহিল এখন নীলাভ আকাশ
কপাহ বগা কোমল বুকু
বহু দূৰত জিলিকে দুটা ৰূপোৱালী চকু
মোৰ মৃন্ময় দুখৰ উৰ্মিলা চোতালত সিঁচি দিলে এমুঠি ফৰিং চিটিকা সুখ
উফ!
অনুপ্ৰজ্ঞা!
তুমি প্ৰতিটো ঋতুৰ আঙুলিৰ স্বপ্নফুল।
হে আকাশ!
দিব পৰা যাবনে এমুঠি আশাৰে উজ্জীৱিত
ভাৱনাৰ সোণোৱালী তৰা
সুখৰ জেউতি চৰাই কল্পিত হৃদয় আৰু
অনুভৱী ওঁঠত
সিঁচি দিম মই সেউজ সপোনৰ ভোগজৰা।
ৰামধেনুৰ ৰঙত দুপাখি কোবাই উৰিব
অমল প্ৰেমৰ বিমল চৰাই।
দক্ষিণাৱতীৰ স্পৰ্শত উজ্জীৱিত হবনে জীৱন
হেৰাই যোৱা উদ্বেলিত সুখৰ মৌচাকত
উলাবনে মৌ ?
আচলতে পিন্ধিব নালাগে কোনোদিনে
পিন্ধাবও নালাগে কাকো
শব্দশিল্প হীন হালধীয়া সময়ৰ পোছাক।
বিনীত বিননি
অপেক্ষাকৃত সময়ৰ স্বৰ্ণিল অলংকাৰ হৈ জিলিকিব
প্ৰেম,বিশ্বাস,দয়া, মানৱীয়তা
আৰু তোমাৰ প্ৰতি প্ৰচণ্ড ভালপোৱা।
Doksiri দকচিৰি, আগষ্ট, ২০২৪
No comments:
Post a Comment