মায়াকল্প - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, July 31, 2024

মায়াকল্প

 

মায়াকল্প


                  অংকুৰিতা ফুকন


এখন মায়াৱী নৈ

এইপাৰে আন্ধাৰে লোণ সানে কটা ঘাত

সিপাৰে সঁহাৰি নাই…


এখন মায়াৱী নৈ

মায়াৰ পানীত মুখ চাই

আপোনঘাতী গাভৰু জোন

কোনেও বতৰা নাপায়…


এখন মায়াৱী নৈ

মায়াৰ চকুত মায়াই নাচে

কোনেও দেখা নাপায়

মায়াৰ বনত হেৰোৱা হৰিণ

মায়াৰ বাঘে খায়…


Doksiri দকচিৰি, আগষ্ট, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages