শৰৎৰ ঠিকনা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

শৰৎৰ ঠিকনা

 

শৰৎৰ ঠিকনা


                   বলিন বৰদলৈ 

            আলামি, গোলাঘাট


সেউজী কোমল সুবাস 

কঁহুৱা কোমল মন সুকোমল

নিবিড় আলিঙ্গন।

ডাল ভৰি শেৱালি ফুলে

তল ভৰি সৰে

দুৱৰি বনত নিঁয়ৰে 

মুকুতাৰ মালা গাঁঠে।

শাৰদীয় ভৰা জোনাকত

আপোনজনৰ মিলনৰ বাসনা পোহে -

শৰালি ৰাজহংসৰ প্ৰণয়ী যুগল বেদনা,

আহিনে সেউজী আঁচল উদঙাই

দি যায় শৰৎ অহাৰ ঠিকনা ও

শাৰদীয় দুৰ্গোৎসৱৰ বতৰা।


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages