কোনে জানে ?
চিন্ময় বৰা
চতিয়া, বিশ্বনাথ
কোন বাটে কাৰ মৃত্যু আহে কোনে জানে ?
হাঁহি-হাঁহিও কেতিয়াবা ৰৈ যায় উশাহ
দুচকুত শূন্যতা লৈয়েই গুচি যায় মানুহ,
সেই মানুহবোৰৰ দৰেই এদিন মইয়ো যাম
তেতিয়ালৈ অপেক্ষা।
মই নাজানো কোন বাটে আহে মৃত্যু
কিন্তু মৃত্যু মোৰ সেই বহু বছৰ ধৰি লগ নোহোৱা বন্ধু,
যি আহিলেই যেন মই ব্যাকুলতাৰে সাৱটি ধৰিম
অশ্ৰু বোৱাই সুধিম,
“ইমান পলম কৰিলা যে বন্ধু ?”
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪

No comments:
Post a Comment