ইবাৰ বইৰহানজাক নাহিল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

ইবাৰ বইৰহানজাক নাহিল

 

ইবাৰ বইৰহানজাক নাহিল


                                                জিতু ৰাজ

                                        আমনি, নলবাৰী


ও শুইনছানা বতডেকা

বৈৰহানজাক নাহিল এ,

ধানৰ খেতিখান ইবাৰ

কইৰ্বা নৰিম কিজানি !

ইনকে হ'লি কিনকে হ'ব

ক’ চোন ?

খেতিখান কৰি তিৰিটুৰ লগতে

আপা-আপি দুটাক খুৱে আছ্লু,

তাহাৰ পঢ়াৰ খৰচ উইলে আছ্লু,

ইতা কিনকে কি কৰিম এ বতডেকা ?

বইৰহানজাকক নু কিহে ধৰে !

নাইহ্লি নাহে এ,

আইহ্লি আকাবাৰে বানপানী কৰি আনে।

আমি দুইখা মানুহ

খেতিখান নক্ৰিলি

তিৰি-চলিকেটা লঘানে মইৰ্বো।

ডাঙাৰ ডাঙাৰ বিল্টিংত থাইকবা নৰু আমি,

গাঁৱৰ ভাঙা ঘৰটুত

কিবা কৰি পেটেভাতে

চলি থাইকবা পাইল্লি য়ে হ’ব।

আমাক কেৱল বইৰহানজাক লাগে

খেতিখান কৰু দে তিৰি-চলিকেটাক খুৱাবা।


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages