কবিৰ অসুখ
ববিতা দাস
তামুলপুৰ
কবিৰ অসুখ
বতৰৰো অসুখ
নৈৰ বালিত এতিয়া
সহজে পোত যায় যৌৱন
নৈৰ দুখ
কবিয়ে বুকুৰ কথা খুলি নকয়
আনকি নৈৰ সোঁতকো
গৈ থকা সোঁতে দুখ পায় যদি বুকুত!
কবিৰ অসুখ
ফাগুন আহি গুচি যায়
সৰা পাতত
ফাগুনৰ দুখ
কবিয়ে চাব নোৱাৰে পলাশৰ ৰং
বাটত পৰি থকা তেজৰো একেই ৰং
কবিয়ে আকাশ নাচায়
ধোঁৱা চায়ে ঢাকি থয় জোনাক
কঠিন কণাৰ দৌৰত ভাগ নলয় কবি
কবিৰ অসুখ
বতৰৰ অসুখৰ দিনতে
কবি গুচি যাবগৈ?
কবিক জ্বলাই দিব পৰা
এখন শ্মশান
আমাৰ বুকুত নাই,
আমি কবিৰ বাবে এখন শ্মশান
কোনো কালেই থাপিব নোৱাৰোঁ
আমি কোনেও কোনো কালে
কবিক গুচি যাব দিব নোৱাৰোঁ...
(বিশিষ্ট কবি তথা সাহিত্যক ধ্ৰুৱজ্যোতি দাস চাৰৰ আশু আৰোগ্য কামনা কৰিলোঁ।)
Doksiri দকচিৰি, মাৰ্চ, ২০২৫

No comments:
Post a Comment