মই ৰঙা মদাৰৰ ফুল
ৰুক্মিণী হালৈ
মাৰ্ঘেৰিটা
মই ৰঙা মদাৰৰ ফুল
পূজাৰ বেদীত স্থান নাই,
বুকুৰ তেজেৰে মাথোন
আকাশ ৰঙাই
নিৰৱ ব্যাথাৰ সুৰ
নিৰৱে কপাঁই,
তল সৰি পৰি থকা
মই ৰঙা মদাৰৰ ফুল
সৃস্তিৰ হিচাপ বহীৰ
মই এটি ভুল ।
শুনিছে কোনোৱে জানোঁ
ব্যাথাৰ সুৰৰ মোৰ
এটি হুমুনিয়াহ,
আকাশে বতাহে মাথোন
সুৰ হৈ বাজে এটি
সকৰুণ সুৰ,
দেখিছে কোনোৱে জানো
হিয়া গলি বৈ অহা
তপ্ত চকুলোৰে
আকিছো আল্পনা নিতে
ৰক্ত শোণিতেৰে,
মাথো ৰঙা জুইৰঙা
তেজগোৰা ৰঙে
দেখিছে সবেও মোক
ভুলৰ পাপৰি হৈ
তল সৰি পৰি থকা
এটি ৰঙা মদাৰৰ ফুল ।
Doksiri দকচিৰি, মাৰ্চ, ২০২৫

No comments:
Post a Comment