প্ৰেমিক চৰাই
আব্দুৰ ৰহমান প্ৰামাণিক
কুৰ্শাকাটি, কোকৰাঝাৰ
ইহ সংসাৰ আমাৰ বাবে সৰল নহয় প্ৰিয়!
মিলনৰ ঠেক বাটত গৈ বাৰংবাৰ উজুটি খাই পৰিছো
পৰজনমত প্ৰভুৰ দ্বাৰে তোমাকেই বিচাৰিম
সকলো বাধা নেওচি আহিবানে এবাৰ হলেও প্ৰিয়?
প্ৰেমৰ সুধা পান কৰিম ললাটত থাকিলে লিখন।
একে খন চৌহদত বসবাস আমাৰ প্ৰিয়!
নিত্য তোমাৰ সৈতে উঠা-বহা, অহা যোৱা
কথা বাৰ্তা নাই, অধিকাৰ নাই মোৰ নেকি?
এই যন্ত্ৰণাৰ শাম কটাৰ সম্ভাৱনা নাই
তোমাক হেৰুওৱাৰ ভয়ে অৰ্হনিশে মই দগ্ধ!
পুণৰ জনমত মোৰ প্ৰেমত পৰি চাবা প্ৰিয়!
শিকাই দিম প্ৰেম, প্ৰমৰ অমৰ কথা, প্ৰেমৰ মূল
শিৰিন ফৰহাদৰ প্ৰেম কাহিনী জগত বিদিত
তাতকৈ আমাৰ প্ৰেম কোনো অংশত তাকৰ নহয়
এবাৰ আকৌ আহিবা মন চুৰি কৰিবলৈ প্ৰিয়!
একেখন আকাশৰ তলত আমাৰ ঠাই হোৱাৰ বাবে
মনত জুই জ্বলিলেও শান্তি এটুকুৰা আছে
যাৰ মনৰ গভীৰত তোমাৰ প্ৰেম বাহ সাজি আছে
সেই প্ৰেমিক চৰাই তোমাৰ আশাতেই জীয়াই আছে
ধন্যবাদ, মোৰ প্ৰাণ পেয়সী হোৱাৰ বাবে প্ৰিয়!
Doksiri দকচিৰি, মাৰ্চ, ২০২৫

No comments:
Post a Comment