নৈপৰীয়া মানুহ
জৱাহৰলাল মিলি
নৈপৰীয়া মানুহৰ অক্লান্তি জীৱন যাত্ৰা
সূৰুয উঠাৰ মাৰ যোৱালৈ
অবিৰাম যাত্ৰা অনন্ত যাত্ৰা
লক্ষ্যস্থান কেৱল জীৱন তাড়না
নদীৰ নৈসৰ্গিকতাত ভুল গৈ
নৈপৰীয়া মানুহৰ গতানুগতিক জীৱন সংগ্ৰাম
খেতি পথাৰ
ঘৰ বাৰী
নিষ্ঠুৰ নৈৰ খহনীয়া সোঁতত
কিমান যে বিলীন হৈ গ’ল
ক্লান্ত অনুতপ্ত নহয় নৈপৰীয়া মানুহৰ জীৱন
খেতি মাটি ঘৰ বাৰী উটি গ’ল বানৰ তাণ্ডৱত
সৰ্বশ্ৰান্ত খেতিয়কৰ
নিস্তাৰ নাই নৈপৰীয়া মানুহৰ
অঘৰী যাযাবৰী জীৱন যাত্ৰা
তথাপিও অক্লান্ত জীৱন
নৈপৰীয়া মানুহৰ জীৱন যুঁজত হাৰ নামানে
নৈপৰীয়া মানুহৰ অনন্ত দুৰ্দশা
নাই কোনো বেদনা বিষাদ
বালি ঘৰৰ দৰে জুপুৰি সাজি নাই কোনো পৰিশ্ৰান্ত
বাৰিষাৰ বানত উঠি ভাহি যায়
আচলৰ পশ ধন
তথাপিও নৈৰ নৈসৰ্গিকতাই আমেজ ভৰাই
নৈপৰীয়া মানুহৰ জীৱন যাত্ৰাত
খৰালি কালত আহিলে সকলো পাহৰি আনন্দ
উপভোগত সীমাহীন মাধুৰ্য্যতা
সকলো পাহৰি উৎসৱমুখী পৰিৱেশ বিৰাজ মান।
Doksiri দকচিৰি, মাৰ্চ, ২০২৫


No comments:
Post a Comment