দুখ
দোলন বৰা
সহকাৰী শিক্ষক, ধলপুৰ
দুখ…
ভালপাওঁ
বুকুৰ আপোন তুমি
তোমাৰ কাঁইটিয়া জখলাৰে বগাই বগাই
আৰোহণ কৰো সুখৰ পাহাৰ
সাৱতো পৰ্বতীয়া সেউজী
প্ৰেমৰ সুখানুভূতি বাকি
হয় মোৰ হৃদয়ৰ প্ৰেয়সী
দুখ…
ভালপাওঁ তোমাক
তুমি মোৰ অতিকে আপোন
তোমাৰ সাগৰ মঠি
পাণ কৰি হলাহল
সুখানুভূতিৰে হওঁ মই নীলকন্ঠ
আবেগক দলিয়াই
বিৱেক আদৰি
তোমাৰ স্থিতপ্ৰজ্ঞত লভো
প্ৰাপ্তিৰ আনন্দ
তুমি বোলে আনৰ বাৱে
হুমুনিয়াহত সৰি পৰা
পপীয়া তৰা
মই ভালপাওঁ তোমাক
তুমি মোৰ আপোন
তুমি মোৰ অতি আপোন…
Doksiri দকচিৰি, মাৰ্চ, ২০২৫

No comments:
Post a Comment