ফাগুন
অমল দাৱ
কলিজাটো ফুলিছেগৈ শিমলুডালত
মেগেলা পতিয়া বুকু চিৰাচিৰ কৰি
নৈ পৰীয়া বাঁহীৰ সুৰ এটি হৈ ভাঁহি ভাঁহি
আহাঁ মাৰোগৈ মদাৰ ফুলীয়া হাঁহি
ৰিঙা ৰিঙা উদং উদাহ চিনাকী কাৰপুমপুলি নদীৰ
পালতৰা চৈ
বুকুৰ চেলেং ঘাট
গুমগুমাই উঠিছে পাগলী পৃথিৱী
লেধিলৈ ধুলিৱৰি বাট
Doksiri দকচিৰি, মাৰ্চ, ২০২৫

No comments:
Post a Comment