আহ আমি ঘৰ এখন পাতো
লক্ষী প্ৰসাদ ৰেগন
শিমলু মদাৰে যে ইমান সুন্দৰকৈ জানে লৃগাঙৰ কথা
কথাটো ভাবিলে
মন ক’ৰবাত পিছলি পৰিব খোজে
কুলু কুলুকৈ বৈ যাব খোজে মোৰ মন সুমিষ্ট আপঙৰ ৰাগিত
ভাবিলে ভাবনাবোৰ
ক’ৰবাত এৰি থৈ চেনাই
তোৰ কাষলৈকে মন ল’ৰ মাৰিব খোজে অনবৰতে
ৰিবি গাছেঙত
কালৈ মৰম থাপিছ ইমান গুণা গঁথা কৰি
বসন্ত মই তোৰ পদুলিমুখত এপলক চাবলৈকো আহৰি নাই
অতদিনৰ সাঁচিথোৱা কথাবোৰ
এইবেলি লৃগাঙত ক’বি ভাঙি পাতি। মই আহিছোঁ কেইদিনমান থকাকৈ
আমাৰ মনৰ মাজত
আনৰ মন নোসোমালে। থাকিম ন জোন ওলোৱালৈকে
বেয়া পালেও পাবি
কথাবোৰ কেৰাহিকৈ ক'বি
মই শুনি থাকিম সূতা ছিঙা উঘাটোৰ দৰে লৰচৰ নকৰাকৈ
প্ৰেম বেছা কিনা মানুহবোৰেই এতিয়া পৃথিৱীৰ সফল মানুহ
আমাৰ মনৰ কথাবোৰ
মুকলি পথাৰৰ হিজলজোপাই শুনিলে
কোনোবা গৰখীয়াক ক’ব কথাটো। অলপ সাৱধানে থাকিবি
আহ আমি ঘৰ এখন পাতো
মুকলি আকাশৰ তলত দিন ৰাতিৰ মাজত
ৰজাৰ ঘৰ নহ’লেও এয়া প্ৰজাৰ ঘৰ হ’ব
ধন-সম্পদ নাথাকিলেও তাত দৰ্জা খিৰিকী থাকিব
Doksiri দকচিৰি, মাৰ্চ, ২০২৫
No comments:
Post a Comment