বীজ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, May 1, 2025

বীজ

 



বীজ 


            ধ্ৰুৱজ্যোতি বৰা 


কবিতাৰ বীজ এটি বিচাৰি ফুৰিছো 

বহুদিনৰ পৰা 

কবিতাৰ পথাৰ খনত গজি উঠে এতিয়া 

অলাগতিয়াল এসোপামান এলান্ধু,

অপতৃণ এমুঠিমানৰ অষ্টোপচাৰ কৰি 

এতিয়া বিচাৰি ফুৰিছো কবিতাৰ 

কেইটামান পুৰঠ বীজ !


জীৱনৰ জটিল অংকবোৰৰ সমাধান সূত্ৰত

আউল লাগি 

অনুভৱবোৰ এতিয়া পিঞ্জৰাবদ্ধ,


পাটিগণিতৰ সৰল সংখ্যাবোৰ

পঢ়াৰ দিনত 

অনুভৱবোৰো আছিল বৰ সহজ 

একে একে দুই 

দুইৰ এক গ’ল থাকিল এক;


একে একে দুই

নে 

একে একে এঘাৰ  ? 


এতিয়া তাকেই ভাৱি 

জটিল কৰি পেলাইছো জীৱনটো।


কবি কবি ভাৱবোৰে

মোক কেতিয়াবা মাতে 

কেতিয়াবা মোৰ কাষত ৰৈ

ঘুৰি পকি চাই 

হয়তো ভাৱনাবোৰে বুজি উঠে 

মোৰ দৈন্যতা 

সহানুভূতিৰ এটি পৰশ দি 

উভতিব খোজে 

আৰু মই পুনৰ চটফটাও 

কবিতাৰ এটি পুৰঠ বীজ বিচাৰি


Doksiri দকচিৰি, মে, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages