বৰষুণত তিতা চহৰ
গীতা ৰাজখোৱা
গোলাঘাট
হঠাৎ এজাক বৰষুণ
জৰজৰাই নামি আহিল
চহৰখনৰ বুকুলৈ —।
পদপথৰ সৰু সৰু দোকানবোৰৰ
হুৱাদুৱা লাগিল।
মেলি লোৱা বজাৰখন
সামৰিবলৈ দোকানৰ গৰাকীৰ
উশাহ থমকি ৰ’ল —
কিযে আপদীয়া বতৰ -
আজি যে বহনীয়েই নহ’ল!
ডাঙৰ ডাঙৰ দোকানৰ সন্মুখত
দামী গাড়ীত অহা মানুহবোৰ ৰৈ গ’ল -।
বৰষুণ এৰালৈকে
অপ্ৰয়োজনীয় হ’লেও
চকুত লগা কিবা এটা লয়।
মনত পৰিলে প্ৰয়োজনীয় বুলি
মোনা ভৰি থয়।
পাচলিবোৰ তিতিবলৈ দি —
পাচলিৰ বেপাৰী থিয় হৈ ৰয় গৈ
আন কাৰোবাৰ দোকানৰ বাৰাণ্ডাত
চাই ৰয় বৰষুণ জাকলৈ —-
বৰষুণজাক এৰাৰ নাম নলয়।
সৰু মানুহবোৰৰ হাৱাই চেণ্ডেলৰ
খোজত চহৰৰ লেতেৰা বোকাৰ চিটিকনিয়ে পিঠি চোৱেগৈ।
তথাপিও ৰৈ নাথাকে কোনো
ঠেলাৱালা, ৰিক্সাৱালাৰ চকা
ঘুৰিয়েই থাকে অহৰহ —
বৰষুণত তিতা চহৰত।
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment