অৰাজনৈতিক
ৰশ্মিৰীয়া গগৈ
১
গুৰুমকৈ হোৱা শব্দটোত
ঘুৰি চাই দেখিলো, কৰবাত বিস্ফোৰণ !
প্ৰচণ্ড ধোঁৱা, ধুমুহা
অতপৰে এন্ধাৰক প্ৰত্যাহ্বান জনাম বুলি
ৰৈ থকা ঠাইতে চমকি উঠিলোঁ
সন্মুখত জিলিকি উঠিল এখন বজাৰ
কম্পনত ম্ৰিয়মান মোৰ বুকুৰ আই !
২
কবিতাৰ দৰে কোমলকৈ বুজিবলৈ
অতপৰে তুমি কৈ আছা
ইমানবোৰ আগেয়ে নুশুনা কথা !
ঘামে কলিজা ধোৱা মানুহবোৰ
একোজন হত্যাকাৰী ?
নিজৰ ভৰিৰ, নিজৰ হাড়ৰ
নিজৰেই হকৰ' !
৩
তেনেতে মোৰ চকুয়েদি এদল মৃতদেহ
খোজকাঢ়ি যায়।
পিছে পিছে যায় কেইটুকুৰামান ভঙা আইনা
বিস্ফোৰণৰ আটাইবোৰ জুইত
আকাশ জাহ যায় !
সিহঁতে বিচাৰি দিয়ে জগতৰ পৰা
অতি সযতনে অতদিনে তুমি
লুকুৱাই থোৱা এক অবয়ৱ-
নাম - ভয়
ঠিকনা: ইতিহাসৰ শেহতীয়া অধ্যায় !
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment