শেষলৈ
ত্ৰিদিপ বৰা
নগাঁও
মাজৰাতি সাৰ পালোঁ।
হাতত ছাঁইফুল লৈ তিলৰ ক’লা সানি তেওঁ গৈছে।
বাটত পোৱা কুটুম্বক মাত দিছে।
বিৰাট শোভাযাত্ৰা।
মই হেঁদালিৰ তলেৰে দৌৰিছোঁ।
মাজৰাতি সাৰ পালোঁ।
বহুদিন নহা খবৰটো চক্ৰবাত হৈ আহিছে।
পাক্ ঘূৰণিয়ে এফালৰ পৰা ফঁহিয়াই নিছে।
মূৰৰ মূধচ নিবলৈ লওঁতেই থু পেলালোঁ।
আয়ে শিকোৱা নিয়ম।
বুকুৰ ঘূৰ্ণীত কেনেকৈ ঘূৰে ?
মাজৰাতি সাৰ পালোঁ।
বাহিৰত ডাঙৰ জুই একুৰা ধৰিছোঁ।
ধানবোৰ সিঁচি দিছোঁ।
আখৈ ফুটিছে।
তপত আখৈ।
ঠিকনাঃ
সহকাৰী অধ্যাপক, ৰহা মহাবিদ্যালয়
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment