সাধনাৰ ফুল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, May 1, 2025

সাধনাৰ ফুল

 


সাধনাৰ ফুল 


                            কন্দৰ্প কুমাৰ কলিতা


মোৰ হৃদয় বাগিচাৰ

আধাফুলা গোলাপ পাহিক

সুধিছিলো তোমাৰ বতৰা

ভগ্ন হৃদয়ৰ উচুপনি বোৰ শুনিচানে ?

ৰঙীন বসন পিন্ধি

কৰিছিলো অলেখ কল্পনা

কিমান আপোন বুলি

মনৰ দাপোনত আঁকিছিলো

গোপন ছবি

মোৰ সাধনাৰ ফুলপাহ

ৰাখিছিলো যতন কৰি 

তথাপি ফুলপাহ মোৰ লেৰেলি

শুকাল

যদিও নাপালো ফুলপাহ 

নাই মোৰ আক্ষেপ 

মোৰ হৃদয় বাগিচাত 

নাই তোমাৰ অস্তিত্ব

চকুৰ আঁতৰ হ'লে মনৰো আঁতৰ হয় 

প্ৰাণত বিষৰ সোঁত বয়

চিৰ সেউজীয়া ফুলনিত 

আজি সুৱাস নাই

আৰু কিয় জাগি নুঠে

মনোমোহা সৃষ্টিৰে 

জীৱন শুৱনি কৰা 

সোনোৱালী সেউজ বসন্ত 


Doksiri দকচিৰি, মে, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages