এজনী ক’লা মেকুৰী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 1, 2025

এজনী ক’লা মেকুৰী

 


এজনী ক’লা মেকুৰী


                                       অনিন্দ্য সুন্দৰ


প্ৰতিটো শুভ কামত অশুভ কাৰক হৈ থিয় দিয়ে

এজনী ক’লা মেকুৰী


ঘনঘোৰ নিশাবোৰ

তাইৰ বৰ প্ৰিয়



মেকুৰীজনীৰ চৌধ্য গোষ্ঠী বিত্তশালী

থাকে ডাষ্টবিনৰ তাজমহলত

খায় ভেকুলীয়ে মূতা পানী


হকে-বিহকে মেকুৰীজনীয়ে ছাগলীৰ দৰে বেবায়

বে..বে..বে...

ৰমলিয়ায় কাউৰীৰ দৰে

কা...কা…কা…


অথচ

কাৰো মুখত  নুফুটে প্ৰশংসাৰ আখৈ

বাজি নুঠে এজাউৰিমানো হাত চাপৰি


কাৰণ

মেকুৰীজনী বহুৰূপী

মেকুৰীজনী টুটকীয়া

মেকুৰীজনী তৃতীয় বৰ্গৰ


সেয়ে প্ৰতিটো শুভ যাত্ৰাত মেকুৰজনীক দেখিলেই

সমূহৰে মুখত সমস্বৰে বাজি উঠে 

ওৱাক্‌ থুই ওৱাক্‌ থুই


ওৱাক….


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages