কি দোষত তোমাৰ বিয়ালৈ নজনালা মোক নিমন্ত্ৰণ
বলিন বৰদলৈ
গোলাঘাট
পাহৰিব খুজিলে স্মৃতিয়ে বৰকৈ আমনি কৰে গুচি যাওঁ অকলশৰে স্মৃতিবিজড়িত
কৃষ্ণচূড়া জুপিৰ তললৈ
মচিব খুজিলেও মচিব নোৱাৰোঁ তোমাক
দুহাত মোৰ কঁপি উঠে দুৰু দুৰু কঁপে হৃদয়
তেনে কি দোষত তোমাৰ বিয়ালৈ
নজনালা মোক নিমন্ত্ৰণ ?
গোপনে গোপনে তোমাৰ যুগ্মজীৱনক
শুভেচ্ছা জনোৱাৰ চলিছে বিৰাট আয়োজন।
অ’... ঠিকেই, মোক কিয় মাতিবা
মই তোমাৰ বা কোন হওঁ ?
এই নিঃস্ব, নিঃকিন কবি প্ৰেমিকৰ
একোৱেই নাই যে দিবলৈ উপহাৰ তোমাক
আছে মাথোঁ কান্ধত এটা জোলোঙা
তাৰ পৰাই উলিয়াই এখন কবিতা পুথি
জনাম তোমাক তোমাৰ শুভদিনত শুভেচ্ছা।
ৰভাতলীত গৈ সংগোপনে
আঁকি দিম এটি চুমা
দুহাত মেলি আকোঁৱালি ল’ম
হৃদয়েৰে হৃদয়ক আলিংগন কৰিম
নীৰৱে চকুলো টুকিও শেষত
হাঁহিৰেই জনাম তোমাক বিদায়ী ওলগ।
মই যে তোমাক প্ৰাণভৰি ভালপাওঁ
সেইটোৱেই মোৰ দোষ নেকি ?
কোনোবাই জানো কাৰোবাক
ইচ্ছা কৰি ভাল পাব পাৰে
পণবন্দীৰ দৰে ৰাখিব
পাৰে শিকলিৰে বান্ধি
সকলোৰে হৃদয়ত আছে আটোলটোল প্ৰেমৰ ঘৰ।
যদি প্ৰেম পাপ তেনে বিবাহও পাপ
নাজানিছিলোঁ নিষ্পাপ ভালপোৱাই অপৰাধ।
তুমি সুখী হোৱা তুমি বিচৰাৰ দৰেই
তাত তিলমানো আক্ষেপ নাই
নহওঁ এজন ভণ্ড প্ৰেমিক
তেনে কি দোষত তোমাৰ বিয়ালৈ
নজনালা মোক নিমন্ত্ৰণ।
Doksiri দকচিৰি, জুন, ২০২৫


No comments:
Post a Comment