পুনৰীক্ষণ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, July 31, 2025

পুনৰীক্ষণ

 

পুনৰীক্ষণ


                         দীপালী বৰুৱা 


তাইৰ তৰঙ্গায়িত স্বপ্নীল পৃথিৱীখনত 

যিদিনাই তেওঁৰ পদচিহ্ন পৰিছিল

সহস্ৰ যোজন অতিক্ৰমি তাই গুচি গৈছিল নিজৰ মাজলৈ

ছায়াঘন দন্দ- বিৰোধ, কটাক্ষৰ মাজেৰে পুনৰ উভতি আহিছিল 

আত্মবিভোৰ হৈ তেওঁক চেৰাই গৈ নঙলাডাল খুলি দিছিল 

ধুমুহা এজাকে বা-মাৰলিৰ ৰূপ লোৱা পৰতে 

আকাশখনো এন্ধাৰ হৈ পৰিছিল 

তথাপি তাই স্থিৰ হৈ ৰৈ আছিল 

ঘূৰি চাইছিল তাই

তেওঁ তেতিয়া তাত নাছিল

স্থিৰ হৈ ৰৈ থকাটো বৰ কঠিন 

তাতোকৈ কঠিন নিজৰ মাজলৈ ঘূৰি যোৱা

কথাবোৰ বুজি উঠিছিল তাই।


Doksiri দকচিৰি, আগষ্ট, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages