আই মোৰ তোমালৈ আজিও মনত পৰে
অৱনী মিলি
আই ! তোমাৰ মৃত্যুৰ আগমুহুৰ্তত
মোৰ সোঁহাতখন পাৰি তোমাক
তাতেই শুৱাই থৈ চাই আছিলো মই
তোমাৰ দীঘল চুলিৰে ভৰা
ধুনীয়া মুখখন।
আই! তোমাৰ শৰীৰৰ অঙ্গ
এটি এটিকৈ স্তব্দ হৈ যোৱা দেখি
তোমাক হেৰুৱা ভয়ত
চিঞৰি চিঞৰি কান্দিছিলো মই
আই! সেই ছবি সদায়েই
আছে মোৰ মনত।
আজি সন্ধিয়া মন্দিৰৰ
প্ৰচন্দ দবাৰ শব্দই সদায়
মোক দিয়া তোমাৰ মৰমবোৰ আৰু
মোৰ বাবে গোপনে কৰা কষ্টবোৰ
যুদ্ধাৰ চোক দিয়া তৰুৱালখনৰ দৰে
মোৰ মনত চমকাই গ’ল।
তোমাৰ বুকুৰ অমৃত
খাবলৈ শিকাৰে পৰা
তোমাৰ মৃত্যুৰ আগলৈ
আকৌ মনত পেলাই দিলে মোক
মোৰ বাবে তুমি কৰা
সকলো কষ্ট আৰু ত্যাগবোৰ ৷
আই! তোমাক আজিও
আছো মই মনত পৰি।
মোৰ জীৱন জীয়াই থাকে মানে
নাপাহৰো তোমাক অ’ মোৰ আই !
তোমাৰেই দেখো সপোন,
মোৰ আশা তুমি য’তেই নাথাকা
জনমে জনমে তোমাৰ পেটতেই যেন
তুমি দিবা মোক পুনৰ জনম, আই !
তুমিয়েই মোৰ আপোন।
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment