বাদ-বিবাদ
শ্যামন্ত পায়েং
মাজুলী
মাজে মাজে তোমাক মোৰ
বৰ অচিনাকি অচিনাকি লাগে অ’ ৰুণজুনৰ মাক
বৰ অচিনাকি অচিনাকি লাগে।
জীৱনৰ কঠোৰতম দুৰ্দিনৰ সময়তো
তুমি মোৰ হাত এৰি দিয়া নাই
মোৰ সুখত তুমি হাঁহিছা আৰু দুখত কান্দিছা
তথাপি তোমাক মোৰ কেতিয়াবা অচিনাকি যেন লাগে।
যেতিয়া ঘৰোৱা স্বাভাৱিক অন্তকন্দলৰ শেষত
তুমি বধিৰ হৈ পৰা, মূক হৈ পৰা
আনকি অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি ঘোষণা কৰি
মোৰ দুহাত কাটি পেলোৱা।
হয়, তুমি মোক আকাশৰ জোনটি পাৰি আনি
তোমাৰ হাতত গুজি দিবলৈ দাবী তোলা নাই।
এই বুলি বিচৰাটোকেই আনি দিবলৈকো
মইতো চুপাৰমেন নহয়।
আশা কাৰ নাথাকে! সপোন মোৰো আছে।
মোৰ আকাশৰ বিশালতাৰে এটি মন
আৰু সাগৰৰ গভীৰতাৰে এটি মগজু আছে
এয়ে মই মৰুভূমিৰ মৰিচিকা কিম্বা মহাসাগৰত নহয়,
পিয়াহৰ পানী টুপী বিচাৰি পুখুৰীৰ পাৰলৈকে যাওঁ।
সংগ্ৰামীৰো যুদ্ধ বিৰতি থাকে
বিষয়া- কৰ্মচাৰীৰ থাকে ছুটী
কিন্তু এজন পতি কিম্বা পিতৃৰ
দীঘল হুমুনিয়াহৰ বাহিৰে কি থাকে কোৱা?
কেতিয়াবা মোৰ ওপৰত থকা তোমাৰ বিশ্বাসকো
সন্দেহৰ লেলিহানত পুৰি লেৰেলা কৰা।
মই বৰ কষ্ট পাওঁ
কেতিয়াবা তুমি মোক বৰ জটিল পৰীক্ষাত অৱতীৰ্ণ কৰোৱা
তুলাচনীৰ এফালে তুমি আৰু আনফালে মৃত্যু
জটিল বাচনিত বিকল্প মাথোঁ এটাই
যিটো সময়ত মৃত্যুয়েই মোৰ বাবে শ্ৰেষ্ঠ
কিন্তু তুমি যে মোৰ সৰ্বোচ্চ।
তুমি মোক শ্বাসৰুদ্ধ কৰি পেলোৱা অ’ ৰুণজুনৰ মাক।
তুমি অভিমান কৰা! কৰিবা।
অভিমানেই যদি নকৰা, মৰমবোৰ কেনেকৈ বাঢ়িব!
এচলু দুচলু মৰম গোটাই গোটাই বাট বুলিম জীৱনৰ
জীৱনৰ বিয়লি বেলাত তুমিয়েইতো ল'ব লাগিব মোৰ
আৰু মই তোমাৰ ভাৰ।
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment