সেন্দুৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 5, 2025

সেন্দুৰ

 

সেন্দুৰ


                অজয় বৰুৱা 

                           দৰং


শিৰৰ সেওতাঁত

কি ফুলৰ ছবি আঁকো?

শিমলু

মদাৰ

পলাশ নে এজাৰ,


মদাৰ ফুল হেনো অপৰিচিত

শিমলু জুই,

এজাৰত বেজাৰ

পলাশ অশ্ৰু বিষাদ,


কি ফুলৰ ছবি আঁকো?


দুহাতৰ মুঠিত লুকুৱাই নেৰাখিবা

ৰঙৰ মুকুতা

ফাগুনৰ দুপৰীয়া সকলো ৰিঙা।


ঠিক আছে,

ফাগুণৰ ৰঙাৰে ৰিঙা নকৰো

তোমাৰ কপাল

শুভ্ৰ দুগালৰ সতে

সেওঁতাত দিওঁ তেজৰঙী এক বিশ্বাস। 

এমুঠি সেন্দুৰ। 


Doksiri দকচিৰি, জুলাই, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages