শোক প্ৰস্তাৱ
প্ৰজ্ঞাপাৰমিতা বৰুৱা
কোনো আক্ষেপ নোহোৱাকৈ
মইচোন মোকেই চুই আছিলোঁ তোমাৰ মাজত।
অ'তদিনে শুনি অহা নিচুকনি গীতবোৰত
মোৰ টোপনি নাহিল,
ইমান দ্বিধাহীন হৈ মই কেনেকৈ
তোমাৰ চকুতে শুই আহিলোঁ এনিদ্ৰা জীৱন?
উশাহৰ নামত,
সকলো ক’লা-কথা আৰু পানী-জেহাদৰ
শোক প্ৰস্তাৱ লিখিলোঁ এৰাতি,
নিতৌ পাঠ কৰিলোঁ আৰু মুক্তি দিলোঁ নিজক।
কোনো দ্বিধা আৰু সংকুচ নোহোৱাকৈ
মই তোমাক চাই থাকিলোঁ, চুই থাকিলোঁ...
আৰু কোনো আক্ষেপ নোহোৱাকৈ মই তোমাক এৰি আহিলোঁ
দূপৰৰ অৰণ্যখনৰ মাজত,
গছৰ নিঃসংগ ছাঁবোৰৰ মাজত,
চৰাইৰ কিৰিলিবোৰৰ মাজত।
এতিয়া মৰা আকাশ এখনৰ তলত
জীয়া তৰাবোৰ বিচাৰি বিচাৰি
মই মাজে মাজে মাছুৱৈ হওঁ।
কণামুচৰীৰ ঠোঁটে সপোন এটা খুটমাৰি উৰুৱাই নিয়াৰ পৰত
মই মোৰ পানী-মুখত দেখোঁ জলজ-বিদ্ৰোহ...
আৰু এখন আকাশ মৰে
মুখৰ তলত।
কোনো আক্ষেপ নোহোৱাকৈ
তোমাৰ অ’তবোৰ দ্বণ্ড আৰু অপ্ৰেমৰ মাজতো
এনেকৈ মই কেতিয়াবা জীয়াই থাকোঁ
নতোবা কেতিয়াবা লিখোঁ শোক প্রস্তাৱ
আৰু মুক্তি দিওঁ নিজক।
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment