আজিৰ মানৱতা
জৱাহৰলাল মিলি
গহপুৰ
মানৱতা আজি দানৱতালৈ প্ৰশমিত,
মানৱৰ নাই অকণো সহশীলতা;
অশ্লীলতাৰে আৱৰা মানৱ সমাজ,
আধুনিকতাৰ যান্ত্ৰিকতাৰে আকাশ বতাহ
প্ৰদুষিত প্ৰকৃতি, মানৱ ৰূপী পোছাক পিন্ধি দানৱতাৰ কৰ্মকাণ্ডত অতিষ্ঠ আজি মানৱ প্ৰজাতি।
মানৱ ৰূপত কালিমা সানি জোকাৰিছা দানৱৰ ধ্বজা বাট পথ,
জল সমদ্ৰত যান জোঁতৰ বিধ্বস্ত মানৱ শৃংখল।
মানুহে মানুহৰ বাবে নাই অকণো সহানুভূতি,
নৰৰূপী মানৱতাই সংহাৰীছে;
জাতি কূলৰ বিধ্বংসী কাণ্ডই জ্বলিছে পৃথিৱীৰ সৌন্দৰ্য্যতাত।
অন্ন যোনি ৰ্নিবিছাৰে অসদাচাৰী জাতি ধৰ্ম ভেদাভেদ, যমৰ দালাল পাষণ্ড মানৱতাৰ হৃদয়।
বিষাক্ত কাল সৰ্পে দংশনৰ
হাত বাউল দি আহ্বান,
নিষ্ঠুৰতাৰ চৰম প্ৰতিক্ষা
প্ৰকৃতিয়েও প্ৰতিশোধ পৰায়ণ;
সৃষ্টিৰ ধ্বংসকাৰী মানৱকূল,
যমৰ দুৱাৰ দলিত
যেন প্ৰজ্বলিত জ্যোতিৰ আগত
যিদৰে কীট পতংগৰ মৰণ পণৰ জোৱাৰ,
অবাঞ্চিতে মানৱৰ অগম্য গমণ।
Doksiri দকচিৰি, জুলাই, ২০২৫

No comments:
Post a Comment