ৰামধেনু - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 5, 2025

ৰামধেনু

 

ৰামধেনু


                      টোলন তছা


ওপৰলৈ চালেই

মোৰ হৃদয়খন জপিয়াই উঠে,


নীলিম আকাশৰ বুকুত

এটা ৰামধেনু জিলিকি আছে।


এই ধৰাত মই প্ৰথমবাৰ কান্দোতেও

তেনেকুৱাই আছিল।


এদিন মই আকৌ এটি শিশু হ’ম

মোৰ শিশুটি হ’ব মোৰ পিতৃ অথবা মাতৃ,

তেতিয়াও তেনেকুৱাই হওক।


আশা-আকাংক্ষা কামনা-বাসনাৰ 

জন্মও হ’ব মৃত্যুও হ’ব।


ৰাজধৰ্মৰ কাৰেংঘৰত

ৰামধেনু অকাঁৰ প্ৰতিযোগিতা চলিয়ে থাকিব।


Doksiri দকচিৰি, জুলাই, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages