সপোনৰ বৃন্দাবন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 5, 2025

সপোনৰ বৃন্দাবন


 সপোনৰ বৃন্দাবন


                                   নাচিমা য়াচমিন

                               বিশ্বনাথ চাৰিআলি


শূন্যাকাশত থমকি ৰোৱা,

নিশাৰ গম্ভীৰ নিস্তব্ধতাৰে ভৰা;

জীৱনৰ অগাধ গভীৰতাত,

উন্মোচিত হয় এক অব্যক্ত ধ্বনিৰ  ধৰা।


দীপশিখাৰ দৰে দপদপোৱা

আত্মাৰ অন্তৰালৰ বাণী 

অলক্ষ্য নিশ্বাসৰ সোঁতত,

কথাবোৰ হয় নিৰ্বাক বেদনাখনি।


জোনাকৰ পোহৰত খুন্দা খাই

হৃদয়ৰ তেজেৰে লিখোঁ ব্যথাৰ বৰ্ণন,

সময়ৰ নিৰ্মম কাঁচিৰে

ছিঙি পৰে সপোনৰ বৃন্দাবন।


এতিয়াও সন্ধিয়া মেলি ধৰে,

মোৰ অন্তৰ-জগতৰ দুৱাৰ,

অভিমানৰ কুঁহিপাতত লিখা 

অপেক্ষাৰ নিঃশেষ জোৱাৰ।


Doksiri দকচিৰি, জুলাই, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages