ভোক ভোগ আভোক
ৰশ্মিৰীয়া গগৈ
ভোক
ৰঙৰ সিপাৰে কি আছে
জানিবলৈ মন থাকিলেও
শিলভঙা হাতুৰীটোলৈ চাই তাইৰ
হুমুনিয়াহ এটি সৰে
কাউৰী এটাই ৰমলিয়াই !
পথাৰ
কেইডৰামান পথাৰ সিহঁতৰো আছিল বুলি
আইতাকে কোৱা মনত আছে
আৰু মনত আছে একমাত্ৰ বায়েকৰ
ওফন্দি অহা পেট,
বাঁহবাৰীত দেউতাকৰ
ওলমি থকা নিথৰ শৰীৰ
আৰু মলঙা মহাজনৰ
দাতৰ ফাঁকৰে ওলমি থকা সেই কুটিল হাঁহি !
মানুহ
অজ্ঞাত গন্তব্যস্থানলৈ আগবাঢ়ি গৈ থকা
কেইটিমান নিস্পাপ হাঁহিয়ে
জাৱৰৰ দমতে বিচাৰি লয় সুখ
অথবা হয় কিংকৰ্তব্যবিমূঢ় !
জিভাবোৰে আনৰ এৰেহাতে
বিচাৰিব জানে ভোগ !
গধূলিলৈ বেলিটো সৰি পৰে লাজত
কিন্তু যদি এন্ধাৰে পোহৰতেই
গিলি থয় সভ্যতা,
গধূলিৰ প্ৰয়োজনেই বা ক’ত !
ভোগ
ৰঙৰ আটাইবোৰ পোহৰত নিজে ডুব গৈ
ৰজাই পাতে ফৈদৰ খেলা অথবা তেজৰ
বিদ্ৰোহী কবিয়ে কাগজতে মাতে বিপ্লৱ
প্ৰজাই চকুত মাৰি থয় টাপলি
মুদৈয়ে বেহাত দেশকে বুৰাই
আৰু আমিত্বত মজি থাকি
জিভাত লোৰ গাঁঠি মাৰি
আমি বিধস্ত দেশৰ
সী থাকোঁ সিয়নী !
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment