শাওণৰ কবিতা
বলিন বৰদলৈ
আলামি, গোলাঘাট
মোৰ আপোন মানুহৰ লৌহ দুখনি হাত
আৰু শিলাময় দেহাৰে
কঠোৰ শ্ৰম কৰি ঘাম পেলাই চহ কৰি
বোকা কৰে শাওণৰ পথাৰ
গুজি দিয়ে আশাৰ শইচ (ভূঁই)।
আহিন আহিব সেউজ হ’ব আশাৰ পথাৰ
সোণোৱালী হ'’ব আঘোণত -
সোণ গুটিৰে ভৰিব উদং ভঁৰাল
এহাত এমুঠন বুকু ডাঠ হ’ব আপোনজনৰ,
শ্যামলী পথাৰৰ বঁকিয়াত
বহি অহৰহ গুণগুণনি
শাওণৰ সপোন ৰঙীন কবিতা।
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment