নিঃশব্দ প্ৰতিবাদ
ইমৰুল কয়েচ
মৈৰাকুচি, ধুবুৰী
চহৰখনৰ চকমক বাটত
এজাক ওলাল নিৰ্বাক ছাঁ —
ভোকত শুকান চকু,
মুখত যন্ত্ৰণাৰ অনুৰোধ।
ঘৰ নাই, অভিভাৱক নাই—
আকাশৰ তলতে তেওঁলোকৰ ঘূৰণি,
মাটিৰ ওপৰতে প্ৰতিদিনৰে বিছনা,
উলমি থাকে জীৱনৰ ছিন্ন প্ৰত্যাশা।
তেওঁলোকে নুশুনা—
ঘণ্টাধ্বনি, শিক্ষা-ঘণ্টা,
ডাক্তৰৰ পৰামৰ্শ,
বা কোনোদিনো “ভৱিষ্যৎ” নামৰ কথাটো।
চকুত পৰে ৰাজপথৰ বৰঙণি,
গাড়ী, লাইট, বিলবোর্ডত হাঁহি
তেওঁলোকে নাজানে হাঁহি,
মাত্ৰ জানে-
বেঞ্চৰ তলত ক’ত কম্বলটো সুৰক্ষিত ৰাখিব।
ভাতৰ সৈতে মিল খোৱা স্বপ্নবোৰ
সেইখন উচ্ছিষ্টৰ ঠাইতেই জন্ম লয়,
বিৰক্তিৰ ঠেকনি খাই হেচাঁ-ধৰি খাবলৈ আগবাঢ়ে,
আৰু সেই খোজবোৰ —
সাৰথি নহয়,
হে মৰ্মান্তিক নিঃশব্দ প্ৰতিবাদ।
দেউলীয়া চকুত থাকি থাকে
একোচটা কৃতজ্ঞতাৰ ডাৱৰ —
কোনোবাই এদিন এগিলাচ পানী দি থয়,
তেওঁলোক হাঁহে,
কিন্তু সেই হাঁহিত হাৰ মানে সময়।
সময় যেতিয়া আগবাঢ়ে—
তেওঁলোকে পিছ পৰে,
স্মৃতিবোৰ হেৰায়
নথিপত্ৰৰ কোঠালীত তেওঁলোকে অদৃশ্য।
তেওঁলোকে কোনোপিনে নাজানে—
জন্মত বৈধ নহ’লেও,
জীৱনত অধিকাৰ থকা কথা।
হয়তো,
সময়ৰ মানদণ্ডত তেওঁলোকে জীৱন নহয়,
মাত্ৰ এক অনবোলা প্ৰশ্ন।
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment